Congress: আগন্তুক বিটিচি নিৰ্বাচনৰ লগতে বিধানসভা নির্বাচনৰো ৰণকৌশল দলৰ তৃণমূল কর্মীৰ চোতালত বহি নির্ধাৰণ কৰিব কংগ্ৰেছে। ইয়াৰ লগতে প্রদেশ কংগ্ৰেছৰ এজনো কর্মী যাতে বহি থাকিব নোৱাৰে, তাৰ বাবে সকলোকে দায়িত্ব অর্পণৰ সিদ্ধান্ত লৈছে দলটোৱে।
বুধবাৰে ৰাজীৱ ভৱনত দলৰ এনে পৰিকল্পনাৰ বিষয়ে সদৰী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। বিটিচিৰ নিৰ্বাচনৰ বাবে নিযুক্তি দিয়া পর্যবেক্ষকসকলৰ স’তে ৰাজীৱ ভৱনত কালি গৌৰৱ গগৈয়ে বাৰ্তালাপ কৰে।
পর্যবেক্ষকসকলৰ দায়িত্ব, তৃণমূলক দলৰ সংগঠনক সক্ৰিয় কৰি তোলা আদি বিষয়ক লৈ ইয়াত আলোচনা কৰা হয়। বিটিচিৰ নিবাচনত কংগ্ৰেছে কিমানটা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব, সেয়া অদ্যাপি চূড়ান্ত হোৱা নাই।
সেয়েহে এতিয়া পৰিষদৰ ৪০টা সমষ্টিকে লক্ষ্য কৰি নিৰ্বাচনী কাম-কাজ আগবঢ়োৱা হৈছে। বৈঠকত বিটিচিত থকা দলীয় কর্মীসকলৰ প্ৰত্যেককে নির্বাচনী কামত নিয়োজিত কৰাৰ সিদ্ধান্ত লোৱা হয়।
প্রসংগক্রমে বিধানসভা নিৰ্বাচনৰ বিষয়টোও এই বৈঠকত উত্থাপিত হয় আৰু বিটিচিৰ দৰে বিধানসভাৰ ক্ষেত্ৰতো ৰাজ্যজুৰি থকা দলীয় কর্মীসকলক দায়িত্ব অর্পণৰে সক্ৰিয় কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি গগৈয়ে সদৰী কৰে।
তেওঁ বিটিচিৰ বাবে নিয়োজিত পর্যবেক্ষকসকলক দলৰ তৃণমূল কর্মীসকলৰ ওচৰলৈ গৈ পৰামৰ্শ গ্ৰহণৰ আহ্বান জনায়। এই বৈঠকক লৈ গগৈয়ে সাংবাদিকৰ আগত কয় যে বিটিচিৰ নিৰ্বাচনৰ বাবে ৭০-৮০ জনীয়া এখন পর্যবেক্ষকৰ তালিকা প্রস্তুত কৰা হৈছে।
প্ৰতিটো পৰিষদীয় সমষ্টিলৈ দুই-তিনিজন পর্যবেক্ষক যাব আৰু তেওঁলোকে কংগ্ৰেছৰ তৃণমূল কর্মীৰ লগত মত বিনিময় কৰি পৰামৰ্শ সংগ্ৰহ কৰিব। সেই পৰামৰ্শৰ ভিত্তিতে নির্বাচনী ৰণকৌশলো যুগুত কৰা হ’ব।
তদুপৰি গগৈয়ে কয়, ‘দলক শক্তিশালী কৰিবলৈ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিজন কংগ্রেছ কর্মীকে দায়িত্ব দিয়া হ’ব। প্রতি মাহত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব। এনে কাৰ্যসূচীত দলৰ কৰ্মীসকলক দায়িত্ব দিয়া হ’ব। আমি তৃণমূলৰ পৰা পৰামৰ্শ ল’ম। সেই কাৰণে দলৰ সাংগঠনিক সিদ্ধান্ত আৰু ৰণকৌশল ৰাজীৱ ভৱন অথবা দিছপুৰত নহয়, তৃণমূলৰ কৰ্মীৰ ঘৰৰ চোতালত বহিহে যুগুত কৰা হ’ব।’
