Cherrapunji:✒️জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কেনে ভয়াৱহ বা ক্ষতিকাৰক হ’ব পাৰে, তাৰ এক উদাহৰণ হ’ল মেঘালয়ৰ চেৰাপুঞ্জী। বিশ্বৰে সবাতোতকৈ বর্ষাসিক্ত অঞ্চলৰূপে খ্যাত চেৰাপুঞ্জীত বৰষুণৰ পৰিমাণ উদ্বেগজনকভাবে হাস পাইছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, যোৱা বছৰৰ জুনত অঞ্চলটোত যি পৰিমাণৰ বৰষুণ হৈছিল, এইবাৰৰ জুনত তাৰ এক তৃতীয়াংশ বৰষুণহে হয়। বতৰ বিজ্ঞান বিভাগৰ মতে, যোৱা বছৰৰ জুনত চেৰাপুঞ্জীত ৩,০৪১.২ মিলিমিটাৰ বৰষুণ হয়।
ইয়াৰ বিপৰীতে এইবাৰৰ জুনত অঞ্চলটোত হোৱা বৰষুণৰ পৰিমাণ হ’ল মাথোঁ ১,০৯৫.৪ মিলিমিটাৰহে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, চেৰাপুঞ্জী অঞ্চলত বিগত কিছু বছৰৰ পৰা বৰষুণৰ পৰিমাণ হ্রাস পাবলৈ ধৰিছে।
অৱশ্যে অঞ্চলটোত শেহতীয়াভাৱে বৰষুণৰ পৰিমাণ যি হাৰত হ্রাস পাইছে, সেয়া স্বৰূপাৰ্থত উদ্বেগজনক বুলি বতৰ বিজ্ঞান বিভাগে মন্তব্য কৰিছে। এই সম্পৰ্কত বতৰ বিজ্ঞান বিভাগৰ এজন বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, ‘বিগত কিছু বছৰ ধৰি চেৰাপুঞ্জীত বৰষুণ অনিয়মীয়া হৈছে; কিন্তু যোৱা বছৰৰ জুনৰ তুলনাত এইবাৰৰ জুনত বৰষুণ যি হাৰত হ্রাস পালে, সেয়া উদ্বেগজনক।’
বতৰ বিজ্ঞান বিভাগৰ বিষয়াজনে জনোৱা মতে, যোৱা ডেৰ দশক ধৰি চেৰাপুঞ্জীত বৰষুণৰ পৰিমাণ হ্রাস পাইছে। তেওঁ কয়, ‘২০০৫ৰ পৰা চেৰাপুঞ্জীত বছৰি মাথোঁ আঠ হেজাৰ মিলিমিটাৰৰ পৰা ন হেজাৰ মিলিমিটাৰ বৰষুণ হয়।
অথচ অঞ্চলটোত স্বাভারিক গড় বৰষুণ বার্ষিক ১১ হেজাৰ মিলিমিটাৰ। অৱশ্যে ১৯৭০ৰ দশক বা তাৰ পূৰ্বে অধিক পৰিমাণৰ বৰষুণ হৈছিল। বিষয়াজনে সদৰী কৰা অনুসৰি, ১৯৭৪৩ চেৰাপুঞ্জী নগৰত ২৪,৫৫৫ মিলিমিটাৰ বৰষুণ হৈছিল।
ইয়াৰ জৰিয়তে অঞ্চলটোৱে বিশ্বৰ ভিতৰতে সবাতোকৈ বর্ষাসিক্ত অঞ্চলৰ স্বীকৃতি অর্জন কৰে। আনহাতে, চেৰাপুঞ্জীত বৰষুণৰ পৰিমাণ উদ্বেগজনকভাৱে হ্রাস পাবলৈ ধৰাৰ কাৰণ বিশেষজ্ঞসকলে ব্যাখ্যা কৰিছে। বিশেষজ্ঞসকলৰ মতে, মৌচুমী বায়ুৰ গাঁথনি সলনি, বনাঞ্চল ধ্বংস, সাগৰপৃষ্ঠৰ উষ্ণতা বৃদ্ধি আৰু নগৰীকৰণৰ ফলত অঞ্চলটোত বৰষুণৰ পৰিমাণ উদ্বেগজনকভাবে হ্রাস পাইছে।
তদুপৰি অঞ্চলটো ভ্রমণ কৰা পৰ্যটকৰ সংখ্যা বৃদ্ধিও চেৰাপুঞ্জীত বৰষুণ হ্ৰাসৰ অন্যতম কাৰণৰূপে চিহ্নিত হৈছে। একেদৰে জনসংখ্যা বৃদ্ধিও ইয়াৰ অন্যতম কাৰণ বুলি একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে।উল্লেখ্য যে ১৯৬১৩ চেৰাপুঞ্জীৰ বাসিন্দাৰ সংখ্যা সাত হেজাৰ আছিল।
এই সংখ্যা আজি ৭০ হেজাৰৰো অধিক বুলি এজন চৰকাৰী বিষয়াই জনায়। লক্ষ্যণীয় যে গোলকীয় জলবায়ু পৰিৱৰ্তনৰ ফলত সাগৰপৃষ্ঠৰ উষ্ণতা বৃদ্ধি হৈ আহিছে বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে। গতিকে চেৰাপুঞ্জীৰ বৰষুণ হ্ৰাসৰ আঁৰত সাগৰপৃষ্ঠৰ উষ্ণতা বৃদ্ধিকো বিশেষজ্ঞই দায়ী কৰাটোৱে জলবায়ু পৰিৱৰ্তনৰ অশুভ প্রভাৱক সূচাইছে।
ইপিনে, স্থানীয় বাসিন্দাসকলক চেৰাপুঞ্জীৰ পূৰ্বৰ অৱস্থা ঘূৰাই আনিবলৈ ব্যাপক বনানীকৰণৰ পদক্ষেপ গ্রহণ কৰিবলৈ বিশেষজ্ঞসকলে আহ্বান জনাইছে। এই পদক্ষেপ তাৎক্ষণিকভাৱে গ্রহণ কৰাতো বিশেষজ্ঞসকলে গুৰুত্ব আৰোপ কৰিছে।
