Fastfood:✒️খাদ্যপ্রেমীৰ বাবে তেওঁলোকৰ কচিবোধ পূৰণৰ বাবে বিশেষ অনুষ্ঠানৰ প্ৰয়োজন নাই। সদায় নতুন নতুন ব্যঞ্জন ৰান্ধি থাকে। বাহিৰলৈ ওলাই গ’লে সুস্বাদু খাদ্য খোৱাৰ প্রৱণতা আৰু অধিক বৃদ্ধি পায়।
বেছিভাগ সময়তে সেই ইচ্ছাক দমন কৰাটো সম্ভৱ নহয়। বোল, মোগলাই, ভজা খাদ্যই এক বেলেগ সোৱাদৰ সন্তুষ্টি প্রদান কৰে। অৱশ্যে এই সন্তুষ্টি জীবন হেৰুওৱাৰ কাৰণো হ’ব পাৰে।
সকলোৱে জানে যে বাহিৰত তেলত ভজা খাদ্য খালে ওজন বৃদ্ধি পায়। ইয়াৰ লগতে হৃদৰোগ, এলঝেইমাৰ, ডিমেনচিয়া আদি ৰোগৰ আশংকাও প্রবল। এই খাদ্যবোৰ খালে আয়ুস কম হ’ব পাৰে। কোনবোৰ খাদ্যই আয়ুস কম কৰিব পাৰে?
প্রচেছড খাদ্য
যদি আপুনি আয়ুস কম কৰিব নিবিচাৰে তেন্তে প্রচেছড মাংস খোৱাৰ পৰিমাণ কম কৰিব লাগে। ব্যস্ত জীৱনত আপুনি এই ধৰণৰ খাদ্য বেছিকৈ খায়। যদিও এই ধৰণৰ খাদ্যই পেট আৰু মন ভৰাই থোৱা যেন লাগিব পাবে, তথাপি প্রচেছড খাদ্যই নীৰৱে শৰীৰৰ ক্ষতি কৰে। সুস্থ হৈ থাকিবলৈ চচ্ছেজ আৰু বেকনৰ দৰে খাদ্য কমকৈ খাব লাগে।
তৎক্ষণাত নুডলছ
হাতত সময় কম। ব্যস্ততাৰ সময়ত পেট ভৰোৱাত তৎক্ষণাত তৈয়াৰ কৰিব পৰা নুডলছ অতি মূল্যবান। যদিও এই খাদ্য প্রস্তুত কৰাত সময় ৰাহি হয়, তথাপি শৰীৰৰ বাবে ক্ষতিকাৰক। এই ধৰণৰ নুডলছত প্ৰচুৰ পৰিমাণে নিমখ থাকে। ফলত শৰীৰত ছডিয়ামৰ মাত্রা বৃদ্ধি পাব পাৰে। তাৰ পৰাই বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাবে।
বাৰ্গাৰ
ক্ষুধা সোনকালে পূৰণ কৰিবলৈ বাৰ্গাৰ জনপ্রিয়। কিন্তু প্রতিদিনে বার্গাৰ খোৱাটো ঠিক নহয়। কাৰণ বাৰ্গাৰত অত্যধিক পৰিমাণৰ কাৰ্ব হাইড্রেট থাকে। বাৰ্গাৰত শৰীৰলৈ যোৱা ক্ষতিকাৰক চর্বিও থাকে। শৰীৰৰ ক্ষতি কৰে বিভিন্ন গুৰুতৰ ৰোগৰ আশংকাও বৃদ্ধি পায়।






























