অৱশেষত ঘৰলৈ উভতাৰ পথত ভাৰতত আৱদ্ধ হৈ থকা ব্ৰিটিছ যুদ্ধবিমান

Untitled 1 65

F-35 Jet:✒️প্ৰায় এমাহ কেৰালাত থকাৰ পাছত অৱশেষত ঘৰলৈ উভটিছে ব্ৰিটিছ এফ-৩৫ যুঁজাৰু বিমান।বিগত ১৪ জুনত কেৰালাত জৰুৰীকালীন অৱতৰণ কৰাৰ পিছৰে পৰা ২২ দিন ধৰি ৰাণৱেতে আছিল বিশ্বৰ অন্যতম দামী যুঁজাৰু বিমানখন।

অৱশেষত ২২ দিনৰ পাছত ব্ৰিটিছ অভিযন্তা আহি বিমানখন হেংগাৰলৈ নিয়াৰ আগতে পৰিদৰ্শন কৰে। সূত্ৰ অনুসৰি ব্ৰিটিছ অভিযন্তাসকলে বিমানখন দ্ৰুততাৰে ঠিক কৰি ঘূৰাই নিয়াৰ চেষ্টা চলাইছে।

নাম প্ৰকাশত অনিচ্ছুক ভাৰতীয় এজন বিষয়াই জনাইছে, ব্ৰিটিছ অভিযন্তাৰ এটা দলে যুদ্ধ বিমানখন পৰীক্ষা কৰিছে। বিমানখনৰ যান্ত্ৰিক দোষ বিচাৰি উলিয়াবলৈ তেওঁলোক সক্ষম হৈছে। সম্প্ৰতি ইয়াক ঠিক কৰাৰ কাম চলিছে।

আশা কৰা হৈছে যে অহা কেইদিনমানৰ ভিতৰত যুদ্ধ বিমানখন উৰণৰ উপযোগী অৱস্থালৈ ঘূৰাই আনিব পৰা যাব।

Exit mobile version