Ponzi Scheme: পঞ্জাৱ আৰু চণ্ডীগড়ত প্ৰায় ৫০ হেজাৰ কোটি টকাৰ পঞ্জী আঁচনিৰ স’তে জড়িত ব্যৱসায়ী তথা পাৰ্লছ এগ্ৰ’ টেক কৰ্প’ৰেশ্যন লিমিটেডৰ সঞ্চালক গুৰনাম সিঙক গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই।
উত্তৰ প্ৰদেশ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বৃহস্পতিবাৰে নিশা পঞ্জাৱৰ ৰূপনগৰৰ পৰা ৬৯ বছৰীয়া গুৰনামক গ্ৰেপ্তাৰ কৰা হয়।
উল্লেখ্য যে যোৱা বছৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত পাৰ্লছ গ্ৰুপৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰাৰ লগতে অবৈধ বিত্তীয় বিনিয়োগৰ অভিযোগ উত্থাপন কৰি তদন্ত আৰম্ভ কৰা হৈছিল।
সেই সময়ত সংগঠনটোৰ কেবাজনো বিষয়াকে ধৰি প্ৰায় ১০জনতকৈও অধিক অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পাছত উত্তৰ প্ৰদেশৰ ই অ’ ডব্লিউৰ সমান্তৰাল তদন্ত আৰম্ভ হয়।
বিভিন্ন বিনিয়োগ আঁচনিৰ নামত দেশৰ ১০খন ৰাজ্যৰ প্ৰায় ৫০ লাখ বিনিয়োগকাৰীৰ পৰা পাৰ্লছ গ্ৰুপে ৫০ হেজাৰ কোটিৰো অধিক ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে।
কোনো আইনী অনুমোদন অবিহনে প্ৰৱঞ্চনাৰ উদ্দেশ্যে এই ধন সংগ্ৰহ কৰা বুলি অভিযোগ উঠিছে।
আনকি, পিএচিএল কৰ্তৃপক্ষই বিনিয়োগ বৃদ্ধি কৰাৰ পূৰ্বে নিয়ম অনুসৰি কোম্পানীটোক ‘নন-বেংকিং ফাইনেন্সিয়েল কোম্পানী’ হিচাপে পঞ্জীয়ন কৰা নাছিল!
উত্তৰ প্ৰদেশৰ ই অ’ ডব্লিউৰ মুৰব্বী নীৰা ৰাৱাটে শুকুৰবাৰে জনাইছে যে, গুৰনামৰ গোচৰৰ ১০ জন মূল অভিযুক্তৰ ভিতৰত ইতিমধ্যেই পাঁচজনক গ্ৰেপ্তাৰ কৰা হৈছে।
