Cachar Hindu Front:
বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে দেশৰ অন্যান্য প্ৰান্তৰ লগতে শিলচৰতো জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ অধীনস্থ ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্টৰ স্থানীয় জিলা সমিতিয়ে দেশত “জনসংখ্যা নিয়ন্ত্ৰণ আইন” ৰূপায়ণৰ দাবী উত্থাপন কৰিছে।
এই সন্দৰ্ভত প্রধানমন্ত্রীৰ উদ্দেশ্যে লিখা এখন স্মাৰক পত্ৰ কাছাৰৰ জিলা আয়ুক্ত মৃদুল যাদৱৰ হাতত প্ৰদান কৰা হয়। স্মাৰক লিপি খনত আশঙ্কা প্ৰকাশ কৰা হয় যে জনসংখ্যা বিস্ফোৰণ বন্ধ কৰিব নোৱাৰিলে দেশৰ উন্নয়নত বাধাগ্ৰস্থ হ’ব। ইয়াৰ ওপৰি দেশৰ জনসংখ্যা বৰ্তমানে ১৪০ কোটি অতিক্ৰম কৰাটো এক অশুভ লক্ষণ। গতিকে দেশৰ সামগ্ৰিক স্বাৰ্থত জনসংখ্যা নিয়ন্ত্ৰণ আইন তৎকালীনভাৱে বলবৎ কৰিব লাগে ।
ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্টৰ কাছাৰ জিলা সমিতিৰ সভাপতি হাৰাণ দে; সাধাৰণ সম্পাদক নৰেন্দ্ৰ দাস; তিনিজন উপ-সভাপতি সুশান্ত কুমাৰ সেন, বিপ্লব পাল চৌধুৰী আৰু অৰুণ বিশ্বাসৰ লগতে কাৰ্যনিৰ্বাহক সমিতিৰ দুই সদস্য জগতজ্যোতি ৰায় আৰু মনোজ কুমাৰ দাসে জিলা আয়ুক্তক স্মাৰক পত্ৰখন প্ৰদান কৰে ।






























