Hindu Front Assam sent a memorandum to the Prime Minister:জনসংখ্যা নিয়ন্ত্ৰণৰ ববে কঠোৰ আইন ৰূপায়ণৰ দাবীত প্রধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ হিন্দু ফ্রন্ট অসমৰ

ghypp

Hindu Front Assam sent a memorandum to the Prime Minister:

সমগ্র দেশৰ লগতে অসমতো জন্ম নিয়ন্ত্ৰণৰ বাবে এখন কঠোৰ আইন ৰূপায়ন কৰি বলবৎ কৰাৰ দাবীত ৰাষ্ট্ৰীয় হিন্দু ফ্রন্ট অসমৰ ৰাজ্যিক সমিতিৰ লগতে কামৰূপ (মহানগৰ) জিলা সমিতিয়ে জিলা উপায়ুক্তৰ জৰিয়তে প্রধানমন্ত্ৰীলৈ আজি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

আজি বিশ্ব জনসংখ্যা দিৱসৰ দিনা দুটা সন্তান ভিত্তিক পৰিয়ালৰ আর্হিত ধর্ম নির্বিশেষে সকলোৰে ওপৰত সমভাৱে বলবৎ হোৱাকৈ তৎকালে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইন ৰূপায়নৰ দাবীত এই স্মাৰক পত্ৰ প্ৰেৰণ কৰে বুলি সংগঠনটোৰ অসম ৰাজ্যিক সভাপতি বলেন বৈশ্যই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। দেশত হৈ থকা জনবিস্ফোৰণ আৰু জনসাংখ্যিকীয় অসমতা সমাধান কৰিবলৈ এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রন আইনৰ বিকল্প নাই বুলি জানিবলৈ দি বিশ্বৰ ৮২৩ কোটি জনসংখ্যাৰ ১৪৬ কোটিয়েই ভাৰতবৰ্ষত বসবাস কৰি ভাৰত বিশ্বত ভিতৰতে জনবহুল দেশত পৰিণত হোৱা বুলিও বৈশ্যই জানিবলৈ দিয়ে।

স্মাৰক পত্র প্রদান কাৰ্য্যসূচী ৰূপায়ণৰ অন্তত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত সংগঠনটোৰ নেতা বলেন বৈশ্যই কয় যে গণতান্ত্রীক দেশ ভাৰতৰ প্ৰগতিৰ বাবে সকলো জনগোষ্ঠীৰ মাজত সদভাৱ আৰু সহাবস্থানৰ প্রয়োজন যদিও জনবিস্ফোৰণ দ্রুত গতিত বৃদ্ধি পাই থকা জনসংখ্যিকীয় অসমতাই দেশৰ শান্তি, প্রগতি আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি হৈ পৰাটো খাটাং বুলি বৈশ্যই তাৎপর্যপূর্ণ মন্তব্য প্রদান কৰে। জনবিন্যাসত মৌলিক পৰিবৰ্ত্তন হোৱাটো দেশৰ বাবে অশুভ লক্ষণ বুলি উল্লেখ কৰি আজি প্রধান মন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰখনত সংকুচিত হৈ অহা দেশৰ জনজাতীয় ৰাইজক জনসংখ্যা নিয়ন্ত্রণ আইনৰ আওতাৰ বাহিৰত ৰখাৰ আহ্বান জনোৱা হৈছে বুলি সংগঠনটোৰ নেতা গৰাকীয়ে উল্লেখ কৰাৰ লগতে আজি অসমৰ ২৬ খন জিলাত জিলা আযুক্ত সকলৰ যোগেদি প্রধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

আজিৰ স্মাৰক পত্ৰ প্ৰদান কাৰ্য্যসূচীত সংগঠনটোৰ ৰাজ্যিক সভাপতি বলেন বৈশ্যৰ লগতে সংযোজক বিটুমনি গগৈ, সংগঠন সচিব সুশীল তামুলী, সাধাৰণ সম্পাদক (বিত্ত) দীনেশ গোৱেংকা, মহিলা শক্তিৰ ৰাজ্যিক সভানেত্রী নন্দিতা বৰঠাকুৰ, মিডিয়া প্ৰভাৰী জয়শ্রী মৰলৰ লগতে কামৰূপ (মহানগৰ) সমিতিৰ সভাপতি ড: বিমল কলিতা, মিডিয়া প্ৰভাৰী, পিনাকী ধৰ আৰু সমিতিৰ অন্যান্য কাৰ্যকৰ্ত্তাৰ উপৰিও সংগঠনটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ড:হৰেন্দ্ৰ নাথ বৰাও উপস্থিত থাকে।

Exit mobile version