Kokrajhar Incident:
মাতৃয়ে গালি পৰা বাবেই ১৬ বছৰীয়া পুত্ৰই মাতৃক হত্যা কৰাৰ দৰে কোকৰাঝাৰত সংঘটিত হ’ল এক লোমহর্ষক কাণ্ড। কোকৰাঝাৰ সদৰ আৰক্ষী থানাৰ অন্তর্গত নায়েকগাঁৱৰ দক্ষিণ আমগুৰিত বুধবাৰে নিশা ছুমি কিস্কা(৪০) নামৰ এগৰাকী মহিলাক শোৱাপাটীতে হত্যা কৰাৰ পাছত মৃতদেহ চোঁচৰাই নি ওচৰৰে পৰিত্যক্ত কুঁৱা এটাত দলিয়াই পেলায়।
# দ কুঁৱাত উদ্ধাৰ মৃতদেহ
বৃহস্পতিবাৰে পুৱা পৰিয়ালৰ সদস্যই মহিলাগৰাকীক শোৱাপাটীত নেদেখি বিচাৰ-খোচাৰ আৰম্ভ কৰাত কোঠাত তেজৰ চেকুৰা পৰি থকা দেখি হতবাক হয়। তেজৰ চেকুৰা অনুসৰণ কৰি পৰিয়ালৰ সদস্যই ওচৰৰ কুঁৱা এটাৰ ভিতৰত সুমী কিস্কাৰ মৃতদেহ প্রত্যক্ষ কৰে। লগে লগে পৰিয়ালৰ সদস্যই আৰক্ষীক জনোৱাত পৰৱৰ্তী পৰ্যায়ত কোকৰাঝাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
আৰক্ষীয়ে মহিলা গৰাকীৰ স’তে নিশা একেটা কোঠাতে শুই থকা ১৬ বছৰীয়া নাবালক পুত্রকে হত্যাকাণ্ডৰ আঁৰত জড়িত থকা বুলি সন্দেহ কৰে। ইতিমধ্যে আৰক্ষীয়ে মৃত সুমীৰ নাবালক পুত্ৰক সোধ-পোছৰ বাবে আটক কৰিছে। আৰক্ষী সূত্রই জনোৱা মতে, সুমীৰ পৰিয়ালৰ আন কোনোবা সদস্যও এই হত্যাকাণ্ডৰ স’তে জড়িত থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে।
#একেটা কোঠাতে অভিযুক্ত পুত্ৰৰ স’তে শুইছিল সুমী কিস্কাই
যোৱা নিশা ঘটনা সংঘটিত হোৱাৰ সময়ছোৱাত মহিলা গৰাকীৰ জ্যেষ্ঠ পুত্র আৰু বোৱাৰী এটা কোঠাত, মাজু পুত্র সোম কিস্কা আন এটা কোঠাত শুই আছিল। তেওঁৰ স্বামী চাহ বাগিচাৰ নৈশ কৰ্তব্যৰ বাবে ঘৰত নাছিল।
# গালি পৰাৰ বাবে মাতৃক হত্যা কৰা বুলি স্বীকাৰ পুত্ৰৰ
বহু চেষ্টাৰ মূৰত স্থানীয় গাঁওবাসীয়ে ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বাহিনী (এছডিআৰএফ)ৰ সহযোগত সুমী কিস্কুৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সন্ধিয়া প্রায় ছয় বজাত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ অনা হয়। আনপিনে কনিষ্ঠ পুত্রই মাতৃয়ে গালি পৰাৰ বাবে কুঠাৰেৰে মূৰত মাৰি হত্যা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, ইয়াৰ আগতেও দাইলত বিষ মিহলাই গোটেই পৰিয়ালটোকে মাৰিবলৈ চেষ্টা চলাইছিল যদিও বিফল হৈছিল।






























