Union government has released disaster relief funds to Assam:
ৰাজ্যিক দুর্যোগ উপশম পুঁজিৰ কেন্দ্ৰীয় অংশৰূপে অসমলৈ মুকলি হ’ল ৩৭৫.৬০ কোটি টকা। বৃহস্পতিবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অসম সহ উত্তৰ-পূবৰ চাৰিখন ৰাজ্যৰ লগতে মুঠ ছখন ৰাজ্যলৈ ৰাজ্যিক দুর্যোগ উপশম পুঁজি (এছডিআৰএফ)ৰ কেন্দ্ৰীয় অংশৰ ১,০৬৬.৮০ কোটি টকা মুকলি কৰা বুলি ঘোষণা কৰে।
সামাজিক মাধ্যম ‘এক্স’ত তেওঁ কয়, ‘এছডিআৰএফৰ অধীনত কেন্দ্রীয় অংশৰূপে বান আৰু ভূস্খলনত ক্ষতিগ্রস্ত অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, কেৰালা আৰু উত্তৰাখণ্ডলৈ ১,০৬৬.৮০ কোটি টকা মুকলিত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনায়। সকলো পৰিস্থিতিতে ৰাজ্যসমূহৰ কাষত মোদী চৰকাৰ সংকল্পবদ্ধতাৰে আছে।’ এই সম্পর্কত কেন্দ্রীয় গৃহ মন্ত্রণালয়ে এক বিবৃতিত কয় যে এছডিআৰএফৰ কেন্দ্ৰীয় অংশৰ এই ১,০৬৬.৮০ কোটি টকাৰ অসমলৈ ৩৭৫.৬০ কোটি টকা মুকলি হৈছে।
আনহাতে, মণিপুৰে ২৯.২০ কোটি টকা, মেঘালয়ে ৩০.৪০ কোটি টকা, মিজোৰামে ২২.৮০ কোটি টকা, কেৰালাই ১৫৩.২০ কোটি টকা আৰু উত্তৰাখণ্ডই ৪৫৫.৬০ কোটি টকা লাভ কৰিছে। এই বিত্তীয় সাহায্যৰ উপৰি এনআৰএফ সেনা আৰু বায়ুসেনাৰ পৰা দুর্যোগ মোকাবিলাত এই ৰাজ্যসমূহে সহায় পাব বুলিও আজি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে ঘোষণা কৰে।
ইয়াৰ পূৰ্বে দেশৰ ১২ খন ৰাজ্যলৈ ৰাষ্ট্ৰীয় দুর্যোগ উপশম পুঁজিৰ অধীনত ১,৯৮৮০.৯১ কোটি টকা আৰু এছডিআৰএফৰ অধীনত ৬,১৬৬.০০ কোটি টকা ১৪ খন ৰাজ্যলৈ মুকলি কৰে কেন্দ্ৰই। তদুপৰি কেন্দ্ৰই ৰাজ্যিক দুর্যোগ লাঘৱ পুঁজিৰ অধীনত পাঁচখন ৰাজ্যলৈ ৭২৬.২০ কোটি টকা আৰু ৰাষ্ট্ৰীয় দুর্যোগ লাভপুঁজিৰ অধীনত দুখন ৰাজ্যলৈ ১৭.৫৫ কোটি টকা মুকলি কৰে।






























