ISRO:✒️কেতিয়া পৃথিৱীৰ মাটিত ভৰি দিব সুভাংশু শুল্কাই? অপেক্ষাত আছে সমগ্ৰ দেশ ।আৰম্ভ হৈছে কাউণ্টডাউন।সুভাংশু শুক্লাকে ধৰি তিনিজন মহাকাশচাৰীৰ উভতি অহাৰ তাৰিখ ঘোষণা কৰিছে ইছৰোৱে।
ইছৰোৱে এক বিবৃতিত জনাইছে ,বতৰ অনুকূল হ’লে ১৫ জুলাইত পৃথিৱীলৈ ঘূৰি আহিব সুভাংশু।
নাছাৰ কমাৰ্চিয়েল ক্ৰু প্ৰগ্ৰেম মেনেজাৰ ষ্টিভ ষ্টিচে জনোৱা মতে, শুক্লা আৰু আন তিনিজন মহাকাশচাৰীক কঢ়িয়াই অনা ড্ৰেগন মহাকাশযানখনে ১৪ জুলাইৰ বিয়লি ৪:৩০ বজাত আই এছ এছৰ পৰা আনডকিং কৰিব।
১৫ জুলাই, বিয়লি তিনিটাত ড্ৰেগনখন প্রশান্ত মহাসাগৰত স্প্ল্যাছডাউন কৰিব।
সুভাংশুকে ধৰি আন তিনিজন মহাকাশচাৰীৰ শাৰীৰিক অৱস্থা ভালে আছে বুলি জনাইছে নাছাই।
এই স্প্লেছডাউনৰ পাছত ইছৰোৰ বিমান অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ তত্বাৱধানত সাতদিনীয়া পুনৰ্বাসন কৰা হ’ব সুভাংশুক।
মহাকাশচাৰীসকলে মাইক্ৰ’গ্ৰেভিটিত কেইসপ্তাহমান কটোৱাৰ পাছত পৃথিৱীৰ মাধ্যাকৰ্ষণৰ লগত খাপ খুৱাবলৈ এই পৰ্যায়টো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ পিছতহে সুভাংশুৱে নিজৰ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পাৰিব।
