কুৱালালামপুৰত অনুষ্ঠিত ৩২সংখ্যক আছিয়ান আঞ্চলিক ফ’ৰামত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

IMG 20250712 WA0050

Pabitra Margherita:✒️মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰত অনুষ্ঠিত ৩২সংখ্যক আছিয়ান আঞ্চলিক ফ’ৰাম (ARF)ৰ মন্ত্ৰীবৰ্গৰ বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।

এই বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতৰ ARF পৰিকাঠামোৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতি, ভাৰতৰ “Act East Policy”ৰ প্ৰাণৱন্ততা আৰু বৃহত্তৰ ইণ্ডো-পেচিফিক অঞ্চলৰ প্ৰতি আমাৰ দেশৰ দৃষ্টিভংগী সম্পৰ্কে বিস্তৃত বাখ্যা প্ৰদান কৰে।

তদুপৰি এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভূ-ৰাজনৈতিক পৰিৱেশৰ মাজত আঞ্চলিক আৰু বৈশ্বিক প্ৰত্যাহ্বানবোৰ সমাধান কৰাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী সম্পৰ্কে মতামত আগবঢ়ায়। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই বৈঠকত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য-সহনশীলতাৰ নীতি আৰু ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষাৰ বাবে আত্মৰক্ষাৰ অধিকাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা প্ৰদান কৰে ।

মন্ত্ৰীগৰাকীয়ে তেখেতৰ বক্তব্যত প্ৰসংগক্ৰমে শেহতীয়াকৈ পেহেলগামত সংঘটিত আক্ৰমণৰ সৈতে পাকিস্তানৰ অৱশ্যম্ভাৱী সম্পৰ্কৰ কথা উল্লেখ কৰে আৰু পাকিস্তানে আহ্বান কৰা তথাকথিত “নিৰপেক্ষ অনুসন্ধান”ৰ দাবীক কঠোৰভাৱে সমালোচনা কৰে।

উল্লেখ্য যে এই বৈঠকত আছিয়ানৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে ইউৰোপিয়ান ইউনিয়ন,আমেৰিকা, ৰাছিয়া, চীন, অষ্ট্ৰেলিয়া, জাপান , দক্ষিণ কোৰিয়া,অষ্ট্ৰেলিয়া, নিউজীলেণ্ড আদিকে প্ৰমুখ্য কৰি মুঠ ২৭ খন দেশৰ বিদেশমন্ত্ৰীসকল উপস্থিত আছিল।

Exit mobile version