Bihar Police:✒️বিহাৰত মহিলা আৰক্ষী জোৱানৰ বাবে নতুন নিৰ্দেশনা। কৰ্তব্যৰত অৱস্থাত পৰিধান কৰিব নোৱাৰিব গহনা । লগতে কৰিব নোৱাৰিব মেকআপ।
উল্লেখ্য যে এই নিৰ্দেশ পালন নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জনোৱা হৈছে।আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে জনোৱা অনুসৰি,এই নিৰ্দেশনা মূলতঃ বাহিনীৰ অনুশাসন বজাই ৰখাৰ বাবে।
বিগত আঠ জুলাইত বিহাৰ আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা অতিৰিক্ত সঞ্চালক প্ৰধান (আইন-শৃংখলা) পংকজ দৰ্দৰ স্বাক্ষৰিত এক নিৰ্দেশ জাৰি কৰা হয়।
এই নিৰ্দেশনাত জনোৱা হৈছে যে, কনিষ্টবলৰ পৰা পৰিদৰ্শক পদবীলৈকে সকলো মহিলা কৰ্মীয়ে এই গাইডলাইন মানি চলিব লাগিব। কৰ্তব্যৰত কাণফুলি, নেকেলেচ, নাকফুলি, আঙঠিকে ধৰি কোনো ধৰণৰ গহনা পিন্ধিব নোৱাৰিব ।
এনে নিৰ্দেশনাৰ কাৰণ হ’ল কেবাটাও ভাইৰেল ভিডিঅ’ত কেবাজনো আৰক্ষীয়ে কৰ্তব্যৰত অৱস্থাত ‘ৰীল’ বনোৱা দেখা গৈছে। এই ঘটনাই আৰক্ষীৰ অনুশাসন ধ্বংস কৰিছে। সেই ঘটনাক ৰোধ কৰিবলৈ এনে সিদ্ধান্ত লোৱা হৈছে।
এই নিৰ্দেশ পালন নকৰা আৰক্ষী জোৱানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।বিষয়টোৰ সন্দৰ্ভত এডিজিয়ে কয় যে বন্দুকৰে ৰীল বনোৱা, ব্লুটুথ ব্যৱহাৰ কৰি ফোন কৰা, ইউনিফৰ্ম পিন্ধি গান শুনা আদিৰ অনুমতি দিয়া নহ’ব।
এনে অভিযোগ আহিলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
সূত্ৰ অনুসৰি বিগত কিছুদিনত এনে ঘটনাৰ বাবে ১০ গৰাকী মহিলা আৰক্ষী জোৱানক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। ইফালে, কেৱল আৰক্ষী বিষয়াৰ বাবে এনে গাইডলাইন জাৰি কৰা হোৱা নাই।
পুৰুষ আৰক্ষী বিষয়াসকলেও কৰ্তব্যৰত অৱস্থাত উপযুক্ত সাজ-পোছাক পৰিধান কৰিব লাগিব।
