গৰুৰ পৰিৱৰ্তে যুঁৱলি কান্ধত লৈ হাল বালে নৱ দম্পতীয়ে

images 6 4

Odisha :✒️গৰু বা বলদৰ দৰে মানুহৰ কান্ধত যুঁৱলি লগাই হাল জোৰা হৈছে। তেওঁলোকে হাল বাই আছে আৰু পাছফালৰ পৰা একাংশ লোকে খেদি গৈ আছে। মাটি চহোৱাৰ সময়ত বদদক যিদৰে এছাৰিৰে প্ৰহাৰ কৰা হয়, সেইদৰেই প্ৰহাৰ কৰা হৈছে সেই যুৱক-যুৱতীক।

তাকে দেখি কোনোবাই হাততালি দিছে, কোনোবাই দিছে হর্ষধ্বনি। সকলোৱে হাঁহি-খিকিন্দালি কৰি আছে। দূৰ সম্পৰ্কৰ দুই আত্মীয়ই বিবাহপাশত আবদ্ধ হোৱাৰ বাবেই তেওঁলোকক এইগৰে শাস্তি প্রদান কৰিছে গাঁওবাসীয়ে।

এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে ওড়িছাৰ ৰায়গড়া জিলাত। এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে তৎপৰ হৈছে আৰক্ষীও।

স্থানীয় সূত্রই জনোৱা মতে, ৰায়গড়াৰ কাঞ্জামাঝিৰা গাঁৱৰ বাসিন্দা দুই যুৱক-যুৱতীৰ মাজত দীর্ঘদিনৰ পৰা প্ৰেমৰ সম্পৰ্ক আছিল। সম্প্রতি তেওঁলোক বিবাহপাশত আহদ্ধ হয়।

এই বিয়াত তেওঁলোকৰ পৰিয়ালৰ প্রতিক্রিয়া পোহৰলৈ অহা নাই; কিন্তু বিয়াৰ খবৰ পোৱাৰ লগে লগে গাঁওবাসী ক্ষুব্ধ হৈ পৰে। গাঁওবাসীৰ মতে, দুয়ো অতি গর্হিত কাম কৰিছে। কাৰণ যুৱতীয়ে যাক ভাল পাই বিয়া কৰাইছে, সেই যুৱক তেওঁৰ দূৰ সম্পর্কীয় ককায়েক।

এই বিবাহক ‘পাপ’ বুলি গণ্য কৰি গাঁওবাসীয়ে নৱ দম্পতীক ঘৰৰ পৰা উলিয়াই ধান পথাৰলৈ আনে। তেওঁলোকৰ ডিঙিত নাঙলৰ যুঁৱলি লগাই দিয়া হয়। তাৰ পাছত নাঙল টানি নিবলৈ কোৱা হয় মন দম্পতীক।

বহু মানুহৰ ৰোষৰ মুখত পৰি নৱ দম্পতীয়ে সেই কামেই কৰিবলৈ বাধ্য হয়; কিন্তু ‘শাস্তি’ তাতেই শেষ নহ’ল। স্বামী-স্ত্রীয়ে যেতিয়া হাল টানিছিল, তেতিয়া পাছফালৰ পৰা কেই জনমানে এছাৰিৰে তেওঁলোকক কোবাই আছিল।

মাটি চহোৱাৰ পাছত সেই নৱ দম্পতীক স্থানীয় মন্দিৰ এটালৈ লৈ যোৱা হয়। গাঁওবাসীয়ে বিধান দিয়ে যে এই বিয়া কৰি যিহেতু উক্ত যুৱক-যুৱতীয়ে পাপ কৰিছে, গতিকে তাৰ প্রায়শ্চিত্ত কৰাৰ বাবে তেওঁলোকে বহু কিবাকিবি সহ্য কৰিব লাগিব।

সূত্ৰই জনোৱা মতে, উক্ত মন্দিৰতে দুয়োৰে ‘শুচিকৰণ’ হয়। ইপিনে, এই ঘটনাৰ ভিডিঅ’ আৰু খবৰ বিয়পি পৰাত ওড়িছা প্ৰশাসনৰ ভিতৰচ’ৰাত হুলস্থূল লাগে। আৰক্ষী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়।

শুকুৰবাৰে ৰায়গড়া জিলাৰ আৰক্ষী অধীক্ষক এছ স্বাতী কুমাৰে জনায় যে আৰক্ষীয়ে ইতিমধ্যে উক্ত গাঁৱত উপস্থিত হৈ সোধপোছ কৰিছে। তেওঁলোকে নিজাববীয়াকৈ এক গোচৰো ৰুজু কৰিছে। এই ঘটনাৰ নেপথ্যত কোন কোন আছে, তেওঁলোকক চিহ্নিত কৰি আইন অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আৰক্ষী অধীক্ষকে কয়।

Exit mobile version