Delhi: ✒️দিল্লীত হঠাৎ ভাঙি পৰিল এটা চাৰি মহলীয়া অট্টালিকা। প্ৰাপ্ত তথ্য অনুসৰি শনিবাৰে পুৱা প্ৰায় সাত বজাত দিল্লীৰ সীমাপুৰ অঞ্চলৰ এটা চাৰি মহলীয়া অট্টালিকা ভাঙি পৰে।
এই তথ্য লাভ কৰাৰ পাছতে কেবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়।অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰই জনোৱা মতে, এতিয়ালৈকে ধ্বংসাৱশেষৰ পৰা তিনিৰ পৰা চাৰিজন লোকক উদ্ধাৰ কৰা হৈছে।
তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । অৱশ্যে আৰু বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।
স্থানীয় সূত্ৰ অনুসৰি ঘৰটোত ১০ জন লোকে বাস কৰে। ইয়াৰে তিনিগৰাকী মহিলা আৰু তিনিটা শিশু। অৱশ্যে ঘৰটো ভাঙি পৰাৰ সময়ত কিমানজন লোক আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘৰটো কি কাৰণত ভাঙি পৰিল সেয়াও স্পষ্ট নহয়।
