মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু আঠ বছৰীয়া চিতা

1745043181 cheetah

Madhyapradesh: ✒️মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হ’ল এটা মাইকী চিতাৰ।নামিবিয়াৰ পৰা অনা হৈছিল মাইকী চিতাটো। বন বিভাগে জনোৱা মতে, আঠ বছৰীয়া জন্তুটো সম্ভৱতঃ চিকাৰ কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত হৈছিল।

ফলত শনিবাৰে তেওঁৰ মৃত্যু হয়। কুনো ৰাষ্ট্ৰীয় উদ্যানত এতিয়া চিটাৰ সংখ্যা ২৬।বন বিভাগে জানিবলৈ দিয়া মতে, মৃত্যু হোৱা চিতাটোৰ নাম নভা।

তাৰ শৰীৰৰ বাওঁফালটো ভাঙি গৈছিল। ইয়াৰ বাহিৰেও ঘাঁও লাগিছিল। প্ৰায় এসপ্তাহ চিকিৎসাৰ পাছত আজি নভাৰ মৃত্যুৰ হয়।

চিতাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট অহাৰ পিছতহে মৃত্যুৰ সঠিক কাৰণ জানিব পৰা যাব। নভাৰ মৃত্যুৰ পাছত এতিয়া কুনোত চিতাৰ সংখ্যা ২৬টা।

ইয়াৰে ছটা মাইকী, তিনিটা মতা আৰু ১৭টা পোৱালি। পোৱালিকেইটা জন্ম ভাৰতে হৈছে।

২০২২ চনৰ ছেপ্টেম্বৰ মাহত নামিবিয়াৰ পৰা পাঁচটা মাইকী আৰু তিনিটা মতা চিতা কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হৈছিল।২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ পৰা আৰু ১২টা চিতা কুনোলৈ অনা হৈছিল।

Exit mobile version