Youtuber:✒️ ভিডিঅ’ প্লেটফর্ম হিচাপে ইউটিউবৰ জনপ্রিয়তা এতিয়া শিখৰত উপনীত হৈছে। কেৱল সেয়াই নহয়, এতিয়া সমগ্র বিশ্বতে জীৱিকা উপাৰ্জনৰ মাধ্যম হৈ পৰিছে ইউটিউব ।
এই পৰিস্থিতিত কোম্পানীটোৱে ইউটিউবাৰৰ কামত হস্তক্ষেপ কৰিবলৈ ওলাইছে। জনা গৈছে যে ১৫ জুলাইৰ পৰা ইউটিউবে নিজৰ নিয়ম সলনি কৰিবলৈ ওলাইছে।
এই নতুন নিয়ম অনুসৰি ইউটিউবাৰে আৰু দ্বিতীয়বাৰৰ বাবে পুৰণি ভিডিঅ’ আপলোড কৰি ইয়াৰ পৰা উপাৰ্জন কৰিব নোৱাৰিব।
কিন্তু কিয় সিদ্ধান্ত? সূত্র অনুসৰি, ভাল কাম কৰা ইউটিউবাৰক সুৰক্ষা প্ৰদান আৰু প্লেটফৰ্মৰ অপব্যৱহাৰ বন্ধ কৰাৰ লক্ষ্যৰে কোম্পানীটোৱে এই নতুন নিয়ম আনিবলৈ ওলাইছে।
আচলতে বহু ইউটিউবাৰে নিজৰ চেনেলত পূর্বতে প্রকাশিত ভিডিঅ’ পুনৰ আপলোড কৰি তাৰ পৰা অনৈতিকভাৱে ধন উপার্জন কৰে।
কেৱল সেয়াই নহয়, শেহতীয়া বিগত সময়ছোৱাতো দেখা গৈছে যে তেওঁলোকৰ চেনেলত আন ইউটিউবাৰৰ দ্বাৰা নিৰ্মিত ভিডিঅ’ বা কৃত্রিম বুদ্ধিমত্তাৰ দ্বাৰা নিৰ্মিত ভিডিঅ’ আপলোড কৰি কে’বাজনো ইউটিউবাৰে তেওঁলোকৰ পৰা উপাৰ্জন কৰি আছে।
ইউটিউবাৰসকলক এনে অন্যায় কাৰ্যকলাপৰ পৰা ৰোধ কৰাৰ লগতে প্লেটফৰ্মৰ গুৰুত্ব আৰু গ্রহণযোগ্যতা আৰু অধিক বৃদ্ধিৰ বাবে কোম্পানীটোৱে এই নতুন পদক্ষেপ গ্রহণ কৰিবলৈ ওলাইছে।
কোম্পানীটোৱে জনোৱা মতে, ‘ইউটিউব পার্টনাৰ প্ৰগ্ৰেম’ৰ জৰিয়তে ইউটিউবাৰসকলক সদায় নিজৰ ভিডিঅ’ প্লেটফর্মত আপলোড কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সেয়ে ১৫ জুলাইৰ পৰা ইউটিউবত আপলোড কৰা সকলো ভিডিঅ’ৰ মূল্যায়ন কৰিব আৰু সেই অনুসৰি সৃষ্টিকর্তাসকলক পাৰিশ্ৰমিক দিয়া হ’ব।
