Tesla: এলন মাস্ক মালিকানাধীন বিশ্বখ্যাত বৈদ্যুতিক গাড়ী নির্মাতা কোম্পানী টেছলাৰ প্ৰথমটো শ্ব’ৰূম ভাৰতত অৱশেষত অহা ১৫ জুলাইত মুকলি কৰা হ’ব।
ADVERTISEMENT
মাস্কৰ বৈদ্যুতিক গাড়ী নির্মাতা প্রতিষ্ঠানটোৱে মুম্বাইত সংস্থাৰ প্ৰথম ভাৰতীয় শ্ব’ৰূম মুকলি কৰিব। মুম্বাইৰ জিঅ’ ৱৰ্ল্ড ড্রাইভত টেছলাৰ এই এক্সপেৰিয়েন্স চেণ্টাৰ মুকলি কৰা হ’ব।
উক্ত শ্বপিংমলত থকা এপেলৰ ফ্লেগশ্বিপ ষ্ট’ৰৰ কাষতে মুকলি কৰিব টেছলাৰ এই শ্ব’কম। টেছলা হৈছে বিশ্বৰ অন্যতম বৃহৎ বৈদুতিক গাড়ী নির্মাতা সংস্থা। মুম্বাইৰ শ্ব’ৰূমৰ জৰিয়তে টেছলাই ভাৰতত কোম্পানীটোৰ উৎপাদিত বৈদ্যুতিক গাড়ী বিক্ৰী আৰম্ভ কৰিব।






























