Drugs Seized In bokajan:
বৰবিহ সদৃশ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে বোকাজান মহকুমাৰ খটখটী আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত বৃহৎ পৰিমাণৰ কানি উদ্ধাৰ কৰবলৈ সক্ষম হয় ৷
ADVERTISEMENT
মনিপুৰৰ পৰা পাঞ্জাৱ অভিমুখি চিএইছ ০৪-এল-০৮৮৮ নম্বৰৰ এখন বিলাসী ফ্ৰচোনৰ বাহনত তালাচী চলাওতে বাহনখনৰ পৰা ১১ টা পেকেটত ১০ কেজি ৯৩৭ গ্ৰাম কানি অতি কৌশলেৰে বাহনখনৰ অতিৰিক্ত টায়াৰৰ ভিতৰত ভৰাই অনা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে ।
এই সন্দৰ্ভত আৰক্ষীয়ে বাহনখনত অহা পাঞ্জাৱৰ দলজিৎ সিং( ৩২)আৰু হৰজিৎ সিংক (৫৪)আটক কৰি অধিক তথ্য জানিবৰ বাবে খটখটী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷






























