Indian Super League temporarily suspended :
দিনক দিনে অৱনমিত হৈছে ভাৰতীয় ফুটবলৰ মান। সম্প্রতি বিশ্ব ফুটবলেৰ অভিভাৱক প্রকাশিত বিশ্ব ৰেংকিঙত বিগত ন বছৰৰ ভিতৰত নিম্নতম ১৩৩ নম্বৰলৈ অৱনমিত হৈছে ভাৰত। সৰ্বভাৰতীয়
ফুটবল ফেডাৰেচন (এআইএফএফ)ৰ দ্বাৰা আয়োজিত আই-লীগৰ অৱস্থাও এই মুহূর্তত তথৈবচ।
এনে পৰিস্থিতিত ভাৰতীয় ফুটবলাৰসকলৰ উন্নতি তথা উপাৰ্জনৰ অন্যতম সমল আছিল ইণ্ডিয়ান ছুপাৰ লীগ (আইএছএল); অথচ উচ্চতম ন্যায়ালয়ৰ এক নির্দেশৰ মেৰপেচত পৰি অনিশ্চিত হৈ পৰিছে আইএছএল।
ভাৰতৰ ঘৰুৱা ফুটবলৰ আকাশ অধিক মেঘাচ্ছন্ন কৰি আজি সাময়িকভাবে স্থগিত হ’ল এই পেছাদাৰী ফুটবল লীগ। ফলত যিদৰে অসমৰ প্রতিভাৱান ফুটবলাৰ পাৰ্থিৱ সুন্দৰ গগৈ, হলিচৰণ নাৰ্জাৰীহঁতৰ পেছাদাৰী জীৱনলৈ অনিশ্চয়তা নামি আহিছে, সেইদৰে গভীৰ সমস্যাত পৰিছে নৰ্থইষ্ট ইউনাইটেডৰ দৰে ক্লাবসমূহ।
আইএছএলৰ আয়োজক ফুটবল স্প’র্টছ ডেভেল’পমেন্ট লিমিটেড (এফএছডিএল) ৰ তৰফৰ পৰা আজি পেছাদাৰী লীগখন মূলতুবি ৰখাৰ কথা ঘোষণ কৰিছে। আজি উক্ত লীগত খেলা প্রতিটো ক্লাবৰ লগতে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনলৈকো পত্ৰ প্ৰেৰণ কৰি তেওঁলোকে এই কথা সদৰী কৰে।
ক্লাবসমূহলৈ পত্র প্ৰেৰণ কৰি এফএছডিএলৰ তৰফৰ পৰা জনাইছে যে তেওঁলোকৰ স’তে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন (এআইএফএফ)ৰ মাজত স্বাক্ষৰিত মাষ্টাৰ্ছ ৰাইটছ এগ্রিমেন্ট (এমআৰএ) ৰ ম্যাদ আগন্তুক আঠ ডিচেম্বৰত অন্ত পৰিব। অর্থাৎ অহা ছেপ্টেম্বৰৰ পৰাই আইএছএলৰ নতুন সংস্কৰণ আৰম্ভ হ’লেও প্রতিযোগিতাৰ খেলৰ এক-তৃতীয়াংশৰ মাজতে চুক্তি সমাপ্ত হ’ব।
আনহাতে, নতুনকৈ চুক্তিত স্বাক্ষৰ সন্দৰ্ভত কে’বা মাহৰ পূর্বেই আলোচনা আৰম্ভ হ’লেও এই পর্যন্ত কোনো সমাধান সূত্র ওলোৱা নাই। যিহেতু ডিচেম্বৰৰ পাছত চুক্তিগত কোনো সমাধান হাতৰ সন্মুখত নাই, সেয়ে ২০২৫-২৬ৰ আইএছএলৰ পৰিকল্পনা, আয়োজন বা বাণিজ্যিকীকৰণ কৰিবলৈ এফএছডিএল অপাৰগ।
পত্রত এফএছডিএল কর্তৃপক্ষই লিখিছে, ‘এই পৰিস্থিতিত আমি ২০২৫-২৬ সত্রক আগুৱাই নিব পৰা স্থানত নাই। সেয়ে যিমান দিনলৈ নতুন চুক্তিক লৈ কোনো স্পষ্ট ব্যাখ্যা পোৱা নাযাব, সিমান দিনলৈ এই প্রতিযোগিা মূলতুবি ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।’
এফএছডিএলৰ তৰফৰ পৰা লগতে জনাইছে যে পাতলীয়াকৈ, বৰঞ্চ অনেক চিন্তা-ভাবনা কৰিহে এই সিদ্ধান্ত লোৱা হৈছে। ক্লাবসমূহত লগত যাতে স্বচ্ছতা বর্তি থাকে আৰু তেওঁলোকে যাতে নিজাববীয়াকৈ পৰিকল্পনা কৰিব পাৰে, সেয়ে পত্রযোগে সকলোকে পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হৈছে।
উল্লেখ্য যে ২০১০ত এআইএফএফৰ স’তে এফএছডিএলৰ এক ১৫ বছৰীয়া চুক্তি সম্পন্ন হয়। এই চুক্তি মর্মে প্রতি বছৰে ভাৰতীয় ফুটবল ফেডাৰেচনে ৫০ কোটি টকা লাভ কৰে। ফেডাৰেচনৰ প্ৰতিদিনৰ খৰচ চলোৱা আৰু বিভিন্ন লীগ আয়োজনৰ ক্ষেত্ৰত সেই ধন অত্যন্ত গুৰুত্বপূৰ্ণ। অথচ উচ্চতম ন্যায়ালয়ৰ এক নির্দেশৰ বাবেই ফেডাৰেচনে এই মুহূৰ্তত এমআৰএত স্বাক্ষৰ কৰিব নোৱাৰিব।
যেতিয়ালৈকে উচ্চতম ন্যায়ালয়ত ফেডাৰেচনৰ সংবিধানখন চূড়ান্ত নহয়, তেতিয়ালৈকে তেওঁলোকে এই কাম কৰিব নোৱাৰিব। শীর্ষ আদালতৰ নিৰ্দেশৰ পাছত নতুন কমিটীও গঠন হ’ব পাৰে। সেই ক্ষেত্রত তেওঁলোকেহে এফএছডিএলৰ স’তে চুক্তিত স্বাক্ষৰ কৰিব। এই ক্ষেত্ৰত দীঘলীয়া সময়ৰ প্ৰয়োজন হ’ব। সূত্রই জনোৱা মতে, পৰিস্থিতি ইতিবাচক বুলি ভাবি বহু ক্লাবেই বিভিন্ন ফুটবলাৰক চুক্তিবদ্ধ কৰিবলৈ আৰম্ভ কৰিছিল।
এফএছডিএলৰ পত্ৰৰ পাছত এইবোৰ প্ৰক্ৰিয়াতো জটিলতা আহি পৰিছে। নর্থইষ্ট ইউনাইটেড, ইষ্ট বেংগলৰ দৰে একাধিক ক্লাবে বহু ফুটবলাৰৰ স’তে চূড়ান্ত কথা-বতৰা হ’লেও অনিশ্চয়তাৰ কথা ভাবিয়ে কাগজ-পত্ৰত স্বাক্ষৰ কৰোৱা নাছিল।
