2025 is mirroring 1941:✒️বহুতে কয় যে ইতিহাসে নিজৰে পুনৰাবৃত্তি ঘটায়! শেহতীয়াভাৱে এগৰাকী প্রখ্যাত জ্যোতিষী তথা আধ্যাত্মিক দিক নির্দেশকে মন্তব্য কৰিছে যে চলিত ২০২৫ বর্ষত ১৯৪১ৰ সদৃশ বিভিন্ন সংকট-সমস্যাই দেখা দিয়াৰ আশংকা আছে।
অর্থাৎ এই জ্যোতিষীগৰাকীয়েও ক’বলৈ বিচাৰিছে যে ইতিহাসে নিজৰ পুনৰাবৃত্তি ঘটায়। চলিত বর্ষত বিভিন্ন সংকট-সমস্যাই দেখা দিয়াৰ আশংকা কৰা এই জ্যোতিষীগৰাকী হ’ল ড° জয় মদান। তেওঁৰ মতে, কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ যুগত সম্প্ৰতি বিশ্ববাসীয়ে বাস কৰিছে যদিও এয়া কায়িক অৱস্থাহে। ‘অতীতৰ বিশেষকৈ ১৯৪১ৰ স’তে আমাৰ জীৱনৰ গভীৰ সংযোগ থাকিব পাৰে। চলিত বৰ্ষত যি ঘটিছে সেয়া কেৱল কাকতলীয় নহয়; ই হৈছে বিশ্বব্রহ্মাণ্ডই চক্রীয় ঘূর্ণনত কাম কৰাৰ এক প্ৰতিফলন।’ তেওঁ এনেদৰে কয়।
সংবাদ মাধ্যমৰ আগত জ্যোতিষীগৰাকীয়ে লগতে কয়, ‘ইতিহাসৰ পুনৰাবৃত্তি নঘটে। ই শক্তিৰ মাজেৰে ধ্বনিৰ সৃষ্টি কৰে। চলিত বৰ্ষত যি ঘটিছে সেয়া কেৱল ১৯৪১ত সংঘটিত ঘটনা-পৰিঘটনাৰ অসংলগ্ন প্রতিধ্বনি নহয়। শক্তি আৰু আৰ্হিৰ পুনৰাবৃত্তি ঘটাই চক্ৰীয় ঘূর্ণনত বিশ্বব্ৰহ্মাণ্ডই কাম কৰে।’
ড° মদানে এই বুলিও উল্লেখ কৰে যে ১৯৪১ত বিশ্ব এক গ্ৰহ-গ্রহাণুৰ শক্তিশালী প্ৰভাৱত আছিল। পৃথিৱীৰ ওপৰত এই শক্তিশালী প্ৰভাৱ পেলায় মঙল আৰু শনিৰ সংঘাতে। এই সম্পর্কত তেওঁ অধিক কয়, ‘এই সময়ছোৱা আছিল অপ্ৰতিৰোধ্য আগ্রাসন আৰু অসম্পূৰ্ণ কৰ্মজনিত ঋণৰ। সেই বছৰ খনি আৰু ইউৰেনাছ বৃষ ৰাশিত আছিল। ফলত ভূমিক লৈ সংঘাত, খাদ্য সংকট আৰু বিত্তীয় অসুস্থিৰতাৰ সৃষ্টি হয়।’
১৯৪১ত সংঘটিত এনে সংকট-সমস্যাৰ স’তে চলিত বৰ্ষৰ অনাকাংক্ষিত ঘটনাৱলীৰ এক অদ্ভুত সাদৃশ্য আছে বুলিও জ্যোতিষীগৰাকীয়ে মন্তব্য কৰিছে। তেওঁ কয় যে সম্প্রতি শনি গ্রহ মীন ৰাশিত আছে। শনি গ্ৰহৰ এনে অৱস্থানে হীমাৰ অৱলুপ্তি ঘটাই বিভ্রান্তিৰ সৃষ্টি কৰে। আনহাতে, সম্প্রতি ৰাহু মেষ ৰাশিত আছে। ইয়ে মঙল গ্রহ ক্ষুব্ধ হোৱাটো সূচায়। গ্ৰহৰ এনে অৱস্থাই সিদ্ধান্ত গ্রহণ, অহংকাৰ জড়িত যুদ্ধ আৰু চৌদিশে অস্থিৰতাক সূচায় বুলি জ্যোতিষীগৰাকীয়ে মন্তব্য কৰিছে।
ইয়াৰ মূল কাৰণ কৰ্মফল বুলিও তেওঁ উল্লেখ কৰিছে। ড° মদানে এই সম্পর্কত আৰু কয়, ‘অতীতৰ কর্মফলৰ পৰিণাম পৰৱৰ্তী সময়ত ভোগ কৰিবলগীয়া হয়। যেন পৃথিবীয়ে অতীতক স্মৰণহে কৰে। ১৯৪১ত চলি থকা বিশ্বযুদ্ধ (দ্বিতীয়)ৰ সদৃশ পৰিৱেশ সৃষ্টি হৈছে, কাৰণ মানৱ জাতিয়ে নিজক সম্পূৰ্ণৰূপে আৰোগ্য কৰিব পৰা নাই। এই কার্য মাথোঁ আমি পিছলৈ ৰাখি থৈছো।’
জ্যোতিষীগৰাকীয়ে লগতে সতর্ক কৰি দিছে যে চলিত বর্ষতো এক সংকটপূর্ণ ‘টার্নিং পইন্ট’। কাৰণ এই বৰ্ষত ৰাহুকেতুয়ে মেষ-তুলা অক্ষক সক্রিয় কৰি তুলিব। ফলত বিশ্বত ক্ষমতাক লৈ দ্বন্দ্ব আৰু কূটনীতিৰ প্ৰতি প্রত্যাহ্বান আহিব। এনে অৱস্থাতে প্লুটোরে লাহে লাহে কুম্ভ বাশিত প্রৱেশ কৰিছে। ফলত প্রযুক্তিগত, ৰাজনৈতিক আৰু সামাজিক আন্দোলনৰ গতি সলনিৰ সম্ভাৱনা আছে। অৱশ্যে তেওঁ এই বুলিও মন্তব্য কৰিছে যে এনে অনাকাংক্ষিত ঘটনাই চলিত বছৰক জোঁকাৰি যোৱাৰ সম্ভাৱনা আছে যদিও ইয়াকে লৈ কোনেও ভয়ৰ সৃষ্টি কৰা উচিত নহয়। তেওঁ কয় যে চলিত বর্ষই মানব জাতিক শাস্তি নহয়, বৰঞ্চ নিজকে নিকা কৰাত আৰু নিজক কর্মবিকাশ ঘটোৱাত সহায়হে কৰিব।
