এফ বি আইৰ অভিযান, আমেৰিকাত গ্ৰেপ্তাৰ আঠ জন খালিস্তানী উগ্ৰপন্থী

khalistani

America: আমেৰিকাত খালিস্তানীৰ বিৰুদ্ধে এফ বি আইৰ বৃহৎ অভিযান। আমেৰিকাৰ বিভিন্ন প্ৰান্তত আঠ জন খালিস্তানী উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছে। এই তালিকাত আছে NIAৰ হিট লিষ্টত অন্তৰ্ভুক্ত থকা খালিস্তানী উগ্ৰপন্থী পবিত্ৰ সিং বটালাৰ ।

আমেৰিকা প্ৰশাসনে জনাইছে যে আমেৰিকা আৰক্ষীয়ে অপহৰণ আৰু নিৰ্যাতনৰ গোচৰৰ তদন্তৰ সময়তে এই খালিস্তানী গোটটো সন্ধান পায়। সেই অনুসৰি ১১ জুলাইত এফ বি আইয়ে আমেৰিকাৰ একাধিক আৰক্ষী বিভাগৰ সহযোগত ছান জোৱাকিন কাউন্টিৰ পাঁচটা স্থানত অনুসন্ধান অভিযান চলাইছিল।

সেই অভিযানত গ্ৰেপ্তাৰ হয় এই আঠ জন খালিস্তানী উগ্ৰপন্থী। অভিযুক্ত কেইজন হ’ল, দিলপ্ৰীত সিং, আৰ্শপ্ৰীত সিং, অমৃতপাল সিং, বিশাল, পবিত্ৰ সিং, গুৰতাজ সিং, মনপ্ৰীত ৰান্ধৱা আৰু সৰবজিৎ সিং।

এই অপৰাধীসকলৰ পৰা পাঁচটা হেণ্ডগান, এটা এছাল্ট ৰাইফল, বহু পৰিমাণৰ গুলী আৰু ১৫ হেজাৰ ডলাৰ জব্দ কৰা হৈছে।

Exit mobile version