Nalbari:
নলবাৰী জিলাৰ পূৱ প্ৰান্তৰ পাটকাটা গাওঁত কৃষিভূমিত পাটকাটা গাওঁবাসীৰ লগতে বৃহত্তৰ নলবাৰী গণসেৱা সংস্থাৰ কাৰ্যকৰ্তা সকলে একেলগে ভুই ৰুই ৰ’দ-বৰষুণ নেওচি কপালৰ ঘাম মাটিত পেলাই কৃষিকাৰ্যৰে আমাক অন্নমুঠি উৎপাদন কৰি দিয়া কৃষকসকলক উৎসাহ জনাই।
অনুষ্ঠানৰ কাৰ্যসূচী অনুযায়ী পাটকাটা গাৱৰ কৃষিভুমিত পাটকাটা গাওঁবাসীৰ লগতে উক্ত সংস্থাৰ কাৰ্যকৰ্তা সকলে ভুই ৰোপন কৰে। ইয়াৰ পিছত উপস্থিত কৃষকসকলক সম্বোৰ্ধনা জনাই আৰু একেলগে অসমীয়া জলপান গ্ৰহণ কৰে।আজিৰ অনুষ্ঠানত উপস্থিত থাকে বৃহত্তৰ গণসেৱা সংস্থাৰ সভাপতি নৱ কুমাৰ তালুকদাৰ,সম্পাদক দেৱজিৎ বেজবৰুৱা,কাৰ্যকৰী সভাপতি তপন বৈশ্য,উপসভাপতি ৰিজু ভট্ট।মুখ্য আহ্বায়ক: কালিন্দ্র বৈশ্য (পাটকাটা), উৎপল বৈশ্য (পাইকাৰকুছি) আদিয়ে।
