Teok:
যোৰহাটৰ পৰা জাঁজীলৈ ৩৯ কিলোমিটাৰ পথ নিৰ্মাণৰ মূল অংশ প্রায় কাম সম্পূর্ণ হৈছে। এই কথা যোৰহাট জিলা আয়ুক্তক জনাইছিল এনএইছআইডিচিএলৰ নুমলীগড়ৰ ডিব্ৰুগড় পেকেজৰ মহাপ্রবন্ধকজনে। বিগত ১০ বছৰে এই চাৰিশাৰীযুক্ত পথ সম্প্ৰসাৰণৰ কাম আজিও সম্পূৰ্ণ কৰিব পৰা নাই যদিও কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে সোনকালেই এই পথছোৱা সম্পূর্ণ হোৱা কথা ঘোষণা কৰিছিল। ইয়াৰ পাছতে দিন-ৰাতি এক কৰি এই যোৰহাট-জাঁজী ৩৯ কিলোমিটাৰ পথৰ ৯৭ শতাংশ কাম ইতিমধ্যে শেষ হৈছে বুলি জনাইছিল এনএইছআইডিচিএলে।
পিইউপিৰ কাষত যি সমূহ উপ-পথ আছে, সেয়া বাকী থকা লগতে নলাৰ কাম সম্পূৰ্ণ হোৱা নাই। যোৰহাটৰ পৰা জাঁজীলৈ এই ৩৯ কিলোমিটাৰ পথ মূল অংশ নির্মাণ সম্পূৰ্ণ কৰিলে যদিও সম্পূর্ণ বিসংগতিৰে নিৰ্মাণ কৰিলে এই পথ। সঞ্জয় আগৰৱালা মালিকানাধীন এম পি আগৰৱালা কোম্পানীয়ে বিসংগতিপূর্ণভাৱে নিৰ্মাণ কৰিলে পথছোৱা। টীয়ক নগৰত পিইউপিটোৰ পথ বহু ঠাইত ফাটি বহি যোৱাত এতিয়া পুনৰ খান্দি নিৰ্মাণ কৰিব লগা হৈছে।
বাদুলিপুখুৰীৰ পৰা জামুগুৰিলৈ এই পথছোৱা বিসংগতিভাৱে নিৰ্মাণ কৰা পাছত এতিয়া টাপলি মৰাত ব্যস্ত এম পি আগৰৱালা কোম্পানী। পথছোৱা বিসংগতি সন্দৰ্ভত পূর্বতে প্রশ্ন উত্থাপন হ’লেই টীয়কৰে কেইজনমান কোম্পানীত কৰ্মৰত দালালে উঠি পৰি লাগে পূৰ্বৰ কোম্পানীৰ ভুলৰ বাবে এনে হোৱা বুলি পতিয়ন নিয়াবলৈ; কিন্তু টীয়ক নদীৰ দলঙৰ পৰা টীয়ক নগৰৰ পিইউপিটোৰ প্ৰথমৰ পৰা শেষলৈ নিৰ্মাণ কৰিছিল এম পি আগৰৱালা কোম্পানীয়ে।
কিন্তু এই পিইউপিটোৰ পথছোৱা বহু ঠাইত ছিৰাল ফাট দিয়াৰ লগতে বহি ব্লেক টপিং এৰাই গৈছে। এতিয়া পিইউপিটো যতে-ত’তে খান্দি টাপলি মাৰিছে কোম্পানীয়ে। যদি নির্মাণ কৰা কেইমাহমানৰ ভিতৰতে এনেদৰে টাপলি মাৰিবলগীয়া হয় অনুমান কৰিব পাৰি কিদৰে এম পি আগৰৱালা কোম্পানীয়ে লুণ্ঠন চলাইছে চাৰিশাৰীযুক্ত পথ নির্মাণত।






























