Teok:
আজিৰ পৰা ২৫ টা বৰ্ষৰ পূৰ্বে টীয়কলৈ আগমণ ঘটা অসমৰ বিভিন্ন প্ৰান্তৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ একত্ৰিত হৈ গুৰুজনাৰ আদৰ্শেৰে টীয়ক নগৰৰ মাজমজিয়াত অসমীয়াৰ স্বাভিমান এটি নামঘৰ প্ৰতিষ্ঠা কৰি এখন সমাজ পাতিলে,নাম দিলে পংকজ বিলাস কলাক্ষেত্ৰ মৈত্ৰীস্থল নামঘৰ।
আজি উক্ত নামঘৰ তথা সমাজখনে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে।
বৰ্ষজোৰাকৈ উদযাপন কৰা এই ৰূপালী জয়ন্তীৰ বিভিন্ন কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত কৰি ২৩ আৰু ২৪ অক্টোবৰ তাৰিখে দুদিনীয়াকৈ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰে।কালি মুকলি সভা অনুষ্ঠিত কৰি পূৰ্বে অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ বঁটাসমূহ প্ৰদানৰ লগতে ৰূপালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।ইপিনে আজি ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি দিনা পুৱাই এক বাৰেৰহণীয়া সাংস্কৃতিক ৰেলী বাহিৰ কৰে উদ্যোক্তাসকলে য’ত বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰা হয় ।ইপিনে দুপৰীয়াৰ নাম প্ৰসংগ আয়োজনৰ সমান্তৰালকৈ নিশালৈ স্থানীয় শিল্পী কলা কুশলীৰ সমাহাৰে মহাপুৰুষদুজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শনেৰে বৰ্ষজোৰা কাৰ্যসূচীৰ সামৰণি পৰিব বুলি জানিব পৰা গৈছে।
ADVERTISEMENT



































