অসুস্থ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই ! 

IMG 20250714 191205

CJI Br Gavai:✒️অসুস্থ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই। সোমবাৰে তেওঁক দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি তেওঁ সংক্ৰমণত আক্ৰান্ত। অৱশ্যে এই সন্দৰ্ভত কোনো সবিশেষ জনোৱা নাই ।

প্ৰাপ্ত তথ্য অনুসৰি,তেলেংগানা ভ্ৰমণৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে এই সংক্ৰমণত আক্ৰান্ত হয়। অৱশ্যে তেওঁৰ শাৰীৰিক অৱস্থা বৰ্তমান স্থিতিশীল। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি অহা কেইদিনমানৰ ভিতৰত তেওঁক অব্যাহতি দিয়া হ’ব পাৰে।

বিগত ১২ জুলাইত তেলেংগানা ভ্ৰমণ কৰা গাভাইয়ে নালছা আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পি এছ নৰসিংহ আৰু তেলেংগানা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ সুজয় পালও অনুষ্ঠানটোত উপস্থিত থাকে।ইয়াৰ বাহিৰেও তেওঁৰ তেলেংগানাত কেবাটাও অনুষ্ঠান আছিল।

Exit mobile version