Arabindra Rajkhowa:
ম্যানমাৰস্থিত আলফা স্বাধীনৰ চলমান শিবিৰত ড্ৰোণ যোগে আক্ৰমণৰ ঘটনাৰ বিষয়ে সামাজিক মাধ্যম আৰু বাতৰিকাকত যোগে জ্ঞাত হোৱা বুলি মন্তব্য কৰে আলোচনাপন্থী আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই ৷
এই সন্দৰ্ভত ৰাজখোৱাই কয়,অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতে পাকিস্তানক আক্ৰমণৰ ফটো প্ৰকাশ হৈছিল । এতিয়াও আলফাৰ শিবিৰত আক্ৰমণৰ ফটো প্ৰকাশ হৈছে । এই আক্ৰমণ ৰহস্যজনক । কাৰণ ভাৰতীয় সেনাই এতিয়ালৈকে ইয়াৰ দায়িত্ব স্বীকাৰ কৰা নাই | যিয়েই নহওঁক কিয় অসমীয়া তেজাল ডেকাৰ মৃত্যু হৈছে । এই দুখ কেৱল তেওঁলোকৰ ঘৰ কেইখনৰে নহয় । এই দুখ সমগ্ৰ অসমবাসীকে চুই গৈছে ৷
পৰেশ বৰুৱাই বন্দুকলৈ সংগ্ৰাম কৰাটো স্বাভাৱিক । সমগ্ৰ বিষয়টোৰ এক ৰাজনৈতিক সমাধানৰ ব্যবস্থা কৰিব লাগিব । ৰাষ্ট্ৰযন্ত্ৰৰ বঞ্চনা শোষণৰ বিৰুদ্ধে সংগ্ৰাম চলি থাকিব। এই আক্ৰমণে শান্তিপূৰ্ণ ৰাজনৈতিক সমাধানৰ বাটত কিছু হেঙাৰ আনিব ৷ পৰেশ বৰুৱাই এই ঘটনা সন্দৰ্ভত মোৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰা নাই । কিন্তু বিষয়টো যথেষ্ট স্পৰ্শকাতৰ হৈ পৰিল ৷এটা ফালে বোমাৰে আক্ৰমণ কৰিব আনফালে শান্তি আলোচনাৰ কথা কলে এই সমস্যাৰ সমাধান নহয় । ৰাষ্ট্ৰযন্ত্ৰই দুমুখীয়া নীতি গ্ৰহণ কৰিলে নহব ৷
এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত ৰাষ্ট্ৰযন্ত্ৰৰ সদিচ্ছা থাকিব লাগিব । সংগ্ৰামৰ ৰাজনৈতিক সমাধানৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ মূৰব্বীসকলে আগভাগ লব লাগিব । এই আক্ৰমণে কিন্তু ৰাষ্ট্ৰযন্ত্ৰৰ এই সমস্যা সমাধানৰ ক্ষেত্ৰত আগ্ৰহ নোহোৱা যেনহে পৰিলক্ষিত হৈছে
এই আক্ৰমণে আলফা স্বাধীনক নিশেষ কৰিব নোৱাৰে । কিছু দিনলৈ দুৰ্বলহে হব শেষ হৈ নাযায়
আলফা(স্বাধীন) হিচাপে নাম নাথাকিলেও অন্য নামেৰে হলেও এই সংগ্ৰাম অব্যাহত থাকিব । যেতিয়ালৈকে অসম আৰু অসম আৰু অসমীয়াৰ বিৰুদ্ধে চলি থাকিব তেতিয়ালৈকে এই সংগ্ৰাম অব্যাহত থাকিব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আলোচনাপন্থী আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই ৷






























