ULFA{i} Leader killed In Myanmar:
ম্যানমাৰস্থিত আলফা(স্বা)ৰ শিবিৰত নয়ন অসমৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে পৰিয়ালৰ লোকক | ভাৰতীয় সেনাৰ দ্ৰোণ আক্ৰমণত নিহত আলফা নয়ন অসমৰ ঘৰ বজালীৰ ডুমুৰীয়া গাঁৱত | ১৯৮৯ চনতে ঘৰৰ পৰা ওলাই গৈ আলফাত যোগদান কৰিছিল নয়ন কলিতাই, পিছলৈ আলফাত নয়ন মেধি ওৰফে নয়ন অসম নামেৰে জনা যায় তেওঁক |
নয়নৰ ঘৰত বৰ্তমানে আছে তেওঁৰ ভনীয়েক আৰু এগৰাকী ভাগিন | নয়নৰ জ্যেষ্ঠ ভাতৃ দীননাথ কলিতা ঘৰৰ পৰা পৃথকে থাকে | সংগঠনত জড়িত হোৱাৰ পিছত ১৯৯৮ চনলৈকে পৰিয়ালৰ লগত যোগাযোগ ৰাখিছিল যদিও ১৯৯৯ চনৰ পৰাই ঘৰলৈ অহা নাছিল নয়ন অসম ওৰফে নয়ন মেধি | বিজ্ঞানৰ স্নাতক নয়নক বিচাৰি সেনা আৰক্ষী প্ৰায়ে ঘৰলৈ আহিছিল বুলি ব্যক্ত কৰে ভনীয়েক কমলা কলিতা আৰু দীননাথ কলিতাই |
আজি নয়ন নিহত হোৱা খবৰ লাভ কৰি স্বাভাৱিকতে দুখ প্ৰকাশ কৰে জ্যেষ্ঠ ভাতৃ আৰু ভগ্নী সহ গাঁৱৰ ৰাইজে | নয়নৰ নশ্বৰদেহ বিচাৰি ৰাইজে আবেদন জনাইছে মুখ্যমন্ত্ৰীক ।






























