চকলেটৰ বাকচত ৬২ কোটি টকাৰ ড্ৰাগছ লৈ ভাৰতলৈ উভটিছিল !

মুম্বাইৰ বিমানবন্দৰত গ্ৰেপ্তাৰ মহিলা 

152282201

Mumbai Airport:✒️৬২ কোটি টকাৰ কোকেইন লৈ ভাৰতলৈ উভতি অহাৰ সময়তে ধৰা পৰিল এগৰাকী মহিলা! কাটাৰৰ ৰাজধানী দোহাৰ পৰা ভাৰতলৈ আহিছিল ধৃত মহিলাগৰাকী।

মুম্বাই বিমানবন্দৰত বিমানখন অৱতৰণ কৰাৰ পাছতে তেওঁ ধৰা পৰে । মহিলাগৰাকীৰ পৰা মুঠ ৬.২৬ কিলোগ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰা হৈছে। ইতিমধ্যে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ইতিমধ্যে মহাৰাষ্ট্ৰ ৰাজহ বিভাগৰ গোচৰীয়াই সোমবাৰে এগৰাকী মহিলা ড্ৰাগছ লৈ মুম্বাই বিমানবন্দৰত উপস্থিত হোৱাৰ তথ্য লাভ কৰিছিল। সেই হিচাপে তেওঁলোক বিমানবন্দৰৰ চৌহদত সাজু হৈ আছিল।

তাত ধৃত মহিলাগৰাকীৰ গতিবিধি ৰাজহ বিভাগৰ বিষয়াসকলৰ বাবে সন্দেহজনক হৈ পৰিছিল।

গ্ৰেপ্তাৰ কৰাৰ পাছত প্ৰথমে তেওঁক জেৰা কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁৰ কথাত অসামঞ্জস্যতা লক্ষ্য কৰে বিষয়াসকলে ।

যাৰ ফলত বিষয়াসকলৰ সন্দেহ আৰু অধিক বৃদ্ধি পায়। অৱশেষত বিষয়াসকলে তেওঁৰ বেগটো তালাচি আৰম্ভ কৰে।

ইয়াৰ পাছতে মহিলাগৰাকীৰ বেগৰ পৰা মুঠ ন’টা বাকচ উদ্ধাৰ কৰে । তাৰে ছ’টা বিস্কুট আৰু তিনিটা চকলেট।

ইয়াৰ উপৰিও তেওঁৰ পৰা ৩০০টা কেপচুলও উদ্ধাৰ কৰা হৈছে। লগতে আছিল কোকেইন। সৰ্বমুঠ তেওঁৰ পৰা ৬২৬১ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰা হয়, যাৰ মূল্য আনুমানিক ৬২ কোটি ৬০ লাখ টকা।

Exit mobile version