নিৰ্বাচনৰ প্ৰাক্ষণত বিহাৰৰ ভোটাৰ তালিকাৰ পৰা ৩৫ লক্ষাধিকৰ নাম বাদ পৰিব

images 8 5

Bihar Election: ✒️আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনত ৩৫ লক্ষাধিক ভোটাৰ ভোটদানৰ পৰা বঞ্চিত হ’বলগীয়া হোৱাৰ আশংকাই দেখা দিছে।

ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰাহ্মণত নির্বাচন আয়োগে ভোটাৰ তালিকা পুনৰীক্ষণৰ উদ্দেশ্যে এক বিতর্কিত পদক্ষেপ গ্রহণ কৰাত এই আশংকাৰ সৃষ্টি হৈছে।

উল্লেখ্য যে বিৰোধী দলসমূহে নির্বাচন আয়োগৰ এই বিতর্কিত পদক্ষেপৰ বিৰোধিতা কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰি আহিছে। আয়োগৰ এই পদক্ষেপৰ বিৰুদ্ধে একাংশই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থও হৈছে। সেই মর্মে ন্যায়ালয়ে কেতবোৰ পদক্ষেপ লৈছে যদিও আয়োগৰ প্ৰক্ৰিয়াটোত স্থগিতাদেশ আৰোপ কৰা নাই। গতিকে প্রক্রিয়াটো অব্যাহত আছে।

ফলত ভোটাৰ তালিকাৰ পৰা ৩৫.৫ লাখ লোকৰ নাম বাদ পৰাৰ আশংকা ঘনীভূত হৈছে। আনহাতে, নির্বাচন আয়োগে প্রকাশ কৰা অনুসৰি আয়োগৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই মুহূর্তলৈ ৬.৬ কোটি অৰ্থাৎ ৰাজ্যখনৰ মুঠ ভোটাৰৰ ৮৮.১৮ শতাংশ ভোটাৰে গণনা প্ৰ-পত্র আয়োগৰ ওচৰত দাখিল কৰিছে।

অহা ২৫ জুলাইলৈকে এই ভোটাৰসকলে প্ৰ-পত্র জমা দিব পাৰিব বুলি আয়োগে সদৰী কৰিছে। তাৰ পাছতে আয়োগে খচৰা ভোটাৰ তালিকা প্রকাশ কৰিব। এই সম্পর্কত আয়োগে প্রকাশ কৰা অনুসৰি ৰাজ্যখনৰ মুঠ ভোটাৰৰ ১.৫৯ শতাংশ অর্থাৎ ১২.৫ লাখ ভোটাৰৰ মৃত্যু হৈছে যদিও তেওঁলোকৰ নাম ভোটাৰ তালিকাত আছে।

তদুপৰি আন ২.২ শতাংশ অর্থাৎ = ১৭.৫ লাখ ভোটাবে স্থায়ীভাৱে ৰাজ্যখনৰ বাহিৰলৈ গুচি গৈছে। গতিকে এইসকলে নির্বাচনত ভোটদান নকৰে। আন ০.৭৩ শতাংশ অর্থাৎ প্রায় ৫.৫ লাখ ভোটাবে দুবাৰ ভোটাৰ তালিকাত নাম পঞ্জীয়ন কৰাৰ তথ্য উদ্ধাৰ হৈছে বুলি নির্বাচন আয়োগে প্রকাশ কৰিছে।

এনে ভোটাৰৰ সংখ্যা মুঠ ৩৫.৫ লাখ হয়। অর্থাৎ এইসকল ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰাৰ আশংকা আছে। তদুপৰি আয়োগে প্রকাশ কৰিছে যে নেপাল, বাংলাদেশ, ম্যানমাৰৰ দৰে দেশৰ একাংশ নাগৰিকেও বিহাৰত নির্বাচনত ভোটদান কৰি আহিছে।

এই তথ্য ক্ষেত্ৰ পৰীক্ষাৰ জৰিয়তে উদ্ধাৰ হৈছে বুলি আয়োগে দাবী কৰে। ভোটাৰ তালিকাৰ অধিক পৰীক্ষণৰ জৰিয়তে এই বিদেশী নাগৰিকসকলৰ নামো কৰ্তনৰ ব্যৱস্থা কৰা হ’ব বুলি আয়োগে ইংগিত দিছে। আনহাতে, আয়োগৰ এই পদক্ষেপৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ ৰাজ্যখনৰ প্ৰধান বিৰোধী দল আৰজেডি নেতা তেজস্বী যাদবে সকীয়াই দিছে যে যদি প্রতিটো বিধানসভা সমষ্টি ভোটাৰ তালিকাৰ পৰা এক শতাংশকৈও নাম বাদ পৰিলে একোটা সমষ্টিত কমেও ৩২শ ভোটাৰৰ নাম কর্তন হ’ব। ইয়ে আগন্তুক বিধানসভা নির্বাচনৰ ফলাফলত প্রভাৱ পেলাব বুলি আশংকা কৰে আৰজেডি নেতাজনে।

Exit mobile version