হত্যাৰ বলি হোৱাৰ ভয়ত হেলমেটত চিচি টিভি লগাই ঘূৰিছে ইন্দোৰৰ যুৱকে

ভৰসা হেৰুৱাইছে আৰক্ষীৰ পৰাও

images 10 3

CCTV:আৰক্ষীৰ ওপৰত আৰু ভৰসা নাই। সেইবাবেই হেলমেটত কেমেৰা লগাই ঘূৰিছে এজন যুৱকে। ইন্দোৰৰ গৌৰীনগৰৰ এনে ঘটনাত বহু লোকেই হতবাক হৈ পৰিছে। ঘৰৰ বাহিৰ ওলালেই কেমেৰা সংলগ্ন হেলমেট পৰিধান কৰে যুৱকজনে।

ইয়াৰ প্ৰধান কাৰণ মৃত্যু ভয়। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ইন্দোৰৰ সৰ্বত্ৰে বিষয়টোবে চর্চা লাভ কৰিছে। উক্ত যুৱকজনৰ দাবী অনুসৰি, দাৰ্ঘদিন ধৰি এডোখৰ ভূমিক কেন্দ্ৰ কৰি প্ৰতিবেশীৰ স’তে তেওঁৰ বিবাদ অব্যাহত আছে।

উক্ত প্রতিবেশীয়ে যুৱকজনৰ লগতে তেওঁৰ পৰিয়ালকো প্রাণনাশৰ ভাবুকি দিছিল।একাধিকবাৰ আৰক্ষীক জনোৱা সত্ত্বেও কোনো লাভ নহ’ল বুলি তেওঁ অভিযোগ কৰে। সেয়ে একপ্ৰকাৰ বাধ্য হৈয়েই নিজৰ সুৰক্ষাৰ দায়িত্ব নিজৰ কান্ধত লোৱা বুলি যুৱকজনে সদৰী কৰে।

ইপিনে, সামাজিক মাধ্যমত যুৱকজনৰ অভিনৱ হেলমেট পৰিধানৰ ভিডিঅ’ বিয়পি পৰিছে। বহুতে যুৱকজনৰ কাণ্ডত হাঁহিৰ খোৰাক পালেও আন একাংশই এই ঘটনাৰ অন্তৰালত যুৱকজনৰ বাস্তৱ পৰিস্থিতিৰ চিত্র দেখা পাইছে।

ইফালে, আৰক্ষী সূত্রই জনাইছে যে এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুটা পৰিয়ালৰ মাজত দীর্ঘদিনৰ পৰা বিবাদ চলি আছে। অভিযোগৰ ভিত্তিত মীমাংসা কৰাৰ চেষ্টাও কৰা হৈছে। তথাপি নতুনকৈ কোনো অভিযোগ আহিলে বিষয়টো নিৰীক্ষণ কৰি ব্যৱস্থা লোৱা হ’ব বুলিও আৰক্ষীৰ তৰফৰ পৰা জনাইছে।

ইপিনে, উক্ত যুৱক আৰু তেওঁৰ পৰিয়ালে মন্তব্য কৰিছে যে তেওঁলোকে আৰু বাৰে বাৰে আশ্বাস বিচৰা নাই। সকলো সময়তে আতংকৰ মাজত থকাৰ বিপৰীতে তেওঁলোকে সেই বিবাদৰ এক স্থায়ী সমাধান বিচাৰিছে।

Exit mobile version