Drugs Seized:
জাগীৰোড আৰক্ষীয়ে জাগীৰোড ৰে’লৱে ষ্টেছনৰ আশে-পাশে সন্দেহজনকভাৱে চলা-ফুৰা কৰি থকা সময়ত এগৰাকী মহিলাক আটক কৰে। আটকাধীন মহিলাগৰাকীক আৰক্ষীয়ে তালাচী চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।
পুৱা প্রায় ৫-৩০ বজাত মণিপুৰৰ পৰা জাগীৰোড আহি পোৱাৰ পাছত মহিলা গৰাকীয়ে ৰেলৱে ষ্টেছনৰ আশে-পাশে ড্রাগছ সৰবৰাহকাৰীৰ অপেক্ষাত আছিল। তেনে সময়তে জাগীৰোড আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ৰেলৱে ষ্টেছনত উপস্থিত হৈ মণিপুৰৰ ছুফিয়া (২৫) নামৰ মহিলাগৰাকীক আটক কৰে।
আৰক্ষীয়ে সদৰী কৰা মতে, মহিলা গৰাকীয়ে চাবোনৰ নটা বাকচত ড্ৰাগছখিনি ভৰাই আনিছিল। ড্রাগছ সৰবৰাহকাৰী ছুফীয়াই ড্রাগছখিনি অতি কৌশলৰে দেহত মেৰিয়াই আনিছিল। জব্দকৃত ড্ৰাগছখিনিৰ ওজন ১০৪.৫ গ্রাম। ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্রায় পাঁচ কোটি টকা বুলি তদন্তকাৰী বিষয়াই সদৰী কৰিছে।






























