Sasal Nemsu Protest:
ৰাজ্য চৰকাৰে সংখ্যালঘু অধ্যুষিত অঞ্চলত ধাৰাবাহিকভাবে অব্যাহত থকা ব্যাপক উচ্ছেদৰ বিৰুদ্ধে দিছপুৰত গৰজি উঠিল নেমছু ৷
মহানগৰীৰ চচলত মঙলবাৰে নেমছুৰ বেনাৰত কে’বা শতাধিক সংখ্যালঘুলোকে এক বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰী হুংকাৰ ৷ ২৪ ঘণ্টাৰ প্ৰতিবাদত কঁপিব অসম। লাগিলে অসম আৰক্ষীৰ আগত আমি বুকু পাতি দিম। শ্বহীদ হ’বলৈ সাজু আছো মুছলমানৰ বাবে। আন সকলৰ দৰে মুছলমানৰো মাটিৰ অধিকাৰ আছে অসমত। বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ধৰ্ণাকাৰী সকলে ৷
আনহাতে ধৰ্ণাস্থলীত উপস্থিত থকা নেমছুৰ সভাপতি বদৰুল ইছলামে কয়, ৰাজ্য সৰ্বত্ৰে এতিয়া মুছলমান ৰাইজ একত্ৰিত হৈছে ৷ চৰকাৰৰ বিৰুদ্ধে প্রতিবাদ কৰি মুছলমান শেষ হ’বলৈ সাজু আছো। চৰকাৰে ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰিছে বুলি উল্লেখ কৰি ইছলামে কয়,উচ্ছেদিত লোক সকলক অচিৰেই সংস্থাপিত কৰাৰ লগতে উচ্ছেদ বন্ধ কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় ৷
অসমত মুখ্যমন্ত্ৰীৰ যিমান অধিকাৰ আছে,আমাৰো সিমানেই অধিকাৰ আছে ৷এটা সম্প্ৰদায়ক টাৰ্গেট কৰি যি উচ্ছেদ চলাইছে সি সচাকৈয়ে নিন্দনীয় ৷ বন্ধ কৰক উচ্ছেদ অন্যৰ্থাই সাজু থাকক বৃহৎ আন্দোলনৰ সন্মুখীন হ’বলৈ ৷






























