Rahul Gandhi Meeting :
বিজেপিক উৎখাত কৰিবৰ বাবে যেনে ধৰণৰ ৰণনীতি প্ৰস্তুত কৰি অসমলৈ আহিব লাগিছিল ৷ তেনে ধৰণৰ কোনো আভাস পোৱা নগ’ল ৰাহুল গান্ধীৰ ছয়গাঁৱৰ দলীয় সভাত ৷ শূন্যত গদা ঘূৰাই অসম ত্যাগ কৰিলে ৰাহুল গান্ধীয়ে ৷ ৰাহুলৰ ভাষণত স্থান নাপালে অসমৰ এটাও জলন্ত সমস্যা ই৷ মুখ্যমন্ত্ৰী আৰু পৰিয়ালক ব্যক্তিগত আক্ৰমণৰ বাদে একোয়েই নক’লে ৰাহুলে ৷
দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ বনগাঁও অনুষ্ঠিত এপিচিচিৰ বিশাল দলীয় সভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয়,দিছপুৰত কংগ্ৰেছ শাসনলৈ অহাৰ পিছতে জেললৈ নিক্ষেপ কৰা হ’ব মুখ্যমন্ত্ৰী ডহিমন্ত বিশ্ব শৰ্মাক ৷ শেহতীয়াকৈ তেওঁ তেনে আশংকাত শংকিত বুলি মন্তব্য কৰে গান্ধীয়ে। ভাষনৰ অধিক সময় মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালক টাৰ্গেট কৰি বক্তব্য ৰাখে৷
উল্লেখ্য যে,এদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিছিল ৰাহুল গান্ধী। প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আৰু বিষয়ববীয়াৰে তথা দল সংগঠনৰ সৈতে কেইবাখনো বৈঠকত মিলিত হোৱাৰ পাছত ছয়গাওঁত ৰাহুলে সম্বোধন কৰিলে দলীয় জনসভাক। গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত প্ৰথম বাৰলৈ অসমলৈ অহা ৰাহুল গান্ধীৰ আজিৰ অসম ভ্ৰমণক লৈ ব্যাপক উৎসাহী দেখা গৈছিল কংগ্ৰেছক। কিয়নো একপ্ৰকাৰে আজিৰ এই ভ্ৰমণৰ জৰিয়তে দলটোৱে আৰম্ভ কৰিলে মিছন ২৬ । পিছে নাই, অসমলৈ অহা ৰাহুল গান্ধীৰ অসমক লৈ নাছিল কোনো হোমৱৰ্ক ৷ সকলোৱে আশা কৰিছিল লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে আজিৰ জনসভাত উত্থাপন কৰিব |
অসমৰ জলন্ত সমস্যা সমূহক ৷ নিজৰ ভাষণত ৰাহুলে ক’ব ৷জনজাতিকৰণৰ দাবী, নিবনুৱা সমস্যা, উচ্ছেদ৷ এনকাউণ্টাৰ, চাহ শ্ৰমিক সমস্যা, বান-গৰাখহনীয়াৰ, অবৈধ ছিণ্ডিকেট আদিৰ প্ৰসংগ৷ পিছে নাই তেনে কোনো বক্তব্যত নাপালে প্ৰকাশ ৷ আনকি জনসভাত ৰাহুলে দিয়া ভাষণত স্থান নাপালে এটাও সমস্যাই৷ মুখ্যমন্ত্ৰীৰে আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ পৰিয়ালতে শেষ কৰিলে ৰাহুল গান্ধীয়ে নিজৰ ভাষণ৷ এক প্ৰকাৰেৰাহুলৰ বাবে যেন অসমৰ প্ৰধান আৰু একমাত্ৰ সমস্যা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা৷ যেনব্যক্তিগত আখেজ পূৰণৰ দৰে ৰাহুল গান্ধীয়ে হিমন্ত বিশ্ব শৰ্মা আৰু পৰিয়ালক টাৰ্গেট কৰি লৈ ভাষণ প্ৰদানৰ পাছত ৰাহুল গান্ধীয়ে আৰম্ভ কৰিলে মহাৰাষ্ট্ৰ-বিহাৰৰ ভোটাৰ তালিকাৰ প্ৰসংগ।
ৰাহুল গান্ধীয়ে আজি জনসভাত অসমৰ সন্দৰ্ভত শূন্যত গদা ঘূৰাই দিয়া ভাষণৰ পাছত স্বাভাৱিকতে নানান প্ৰশ্নৰ সৃষ্টি হৈছে সচেতন মহলত। প্ৰথম প্ৰশ্ন অসমৰ সমস্যাৰ বিষয়ে জ্ঞান শূণ্য নেকি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ ? অসমলৈ অহাৰ পূৰ্বে ৰাহুল গান্ধীয়ে কৰা নাছিল নেকি কোনো হোম’ৱৰ্ক ?নে ৰাহুল গান্ধীক অসমৰ সমস্যাৰ বিষয়ে অৱগত কৰোৱাত ব্যৰ্থ হৈছে গৌৰৱ গগৈ আৰু এপিচিচি ৷ যাৰ বাবে চালে বেৰে কোবাই নিজৰ ভাষণ ৰাখি থৈ গল ৰাহুল গান্ধী য’ত প্ৰকাশ নাপালে কোনো ভিজন, প্ৰকাশ নাপালে অসম সন্দৰ্ভত কোনো সচেতনতা।
আনহাতে সভাত ভাষণ প্ৰদান কৰি উদাত্ত কন্ঠৰে কংগ্ৰেছৰ বৰ্ষীয়ান সভাপতি মল্লিকার্জুন খৰ্গে কয়,অসমত এখন জংঘলৰাজ চৰকাৰ চলাইছে মুখ্যমন্ত্ৰীয়ে ৷ নিৰীহ সংখ্যালঘুক টাৰ্গেট কৰি তেওঁলোকক উচ্ছেদ কৰিছে ৷এইয়া অন্যায় ৷ কংগ্ৰেছ শাসনলৈ অহাৰ লগেলগে উচ্ছেদিত প্ৰতিটো পৰিয়ালক পট্টা দি সংস্থাপিত কৰা হ’ব | সংখ্যালঘু সহ সকলো জনগোষ্ঠীৰ বাবে আতংক হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ আগন্তুক নিৰ্বাচনত বিজেপি নেতৃত্বাধীন চৰকাৰৰক উংখাত কৰি কংগ্ৰেছক শাসনলৈ আনিবলৈ ৰাইজলৈ আহবান জনাই খৰ্গেই ৷
সভাত এপিচিচিৰ সভাপতি গৌৰৱ গগৈ ,কংগ্ৰেছ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কেচি বেনুগোপাল,জীতেন্দ্ৰ সিং,বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,ৰকিবুল হুছেইন,ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ সহ কংগ্ৰেছৰ আন আন সাংসদ- বিধায়ক আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা উপস্থিত থাকে ৷






























