Earthquake:✒️আলাস্কাত প্ৰবল ভূমিকম্প। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৩। ইতিমধ্যে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে তাত চুনামীৰ সতৰ্কবাণী জাৰি কৰিছে। ফলত এক চাঞ্চল্যৰ সৃষ্টি হৈছে।
তথ্য অনুসৰি,বুধবাৰে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১২ বাজি ৩০ মিনিটত হঠাতে কঁপি উঠে ।ভূমিকম্পৰ তীব্ৰতা বিভিন্ন স্থানলৈ বিয়পি পৰে।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি প’পফ দ্বীপৰ ছেণ্ড পইণ্টৰ ওচৰত মাটিৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ তলত ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল।
যদিও এতিয়ালৈকে কোনো চৰকাৰী তথ্য প্ৰকাশ কৰা হোৱা নাই, তথাপিও ব্যাপক ক্ষতি হোৱাৰ সম্ভাৱনা আছে। ভূমিকম্পৰ লগে লগে দক্ষিণ আলাস্কা আৰু আলাস্কা উপদ্বীপৰ বাবে চুনামীৰ সতৰ্কবাণী জাৰি কৰা হয়।
অৱশ্যে কিছু সময়ৰ পাছতে প্ৰত্যাহাৰ কৰা বুলিও সূত্ৰই প্ৰকাশ কৰিছে।
কিন্তু আতংক এতিয়াও শেষ হোৱা নাই। ভূমিকম্পৰ লগে লগে প্ৰশাসনে স্থানীয় বাসিন্দা আৰু পৰ্যটকক উপকূলৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে।
কঁপনি অনুভৱ কৰাৰ কিছু সময়ৰ পাছতেই বহু লোকে এই বিষয়ত ছ’চিয়েল মিডিয়াত পোষ্ট কৰা দেখা গৈছিল।
