Aadhaar:✒️ দেশত এতিয়াও সক্ৰিয় হৈ আছে বহু মৃত ব্যক্তিৰ আধাৰ কাৰ্ড দেশত সক্ৰিয়!সৰ্বভাৰতীয় সংবাদ মাধ্যমে দাখিল কৰা আৰ টি আইৰ প্ৰশ্নৰ উত্তৰত ইউআইডিএআইয়ে জনাইছে যে,২০১১ চনৰ পৰা বিগত ১১ বছৰত মাত্ৰ ১.১৫ কোটি আধাৰ কাৰ্ড নিষ্ক্ৰিয় কৰা হৈছে।
এই সংখ্যা দেশৰ মৃত্যুৰ হাৰতকৈ বহু কম।চলিত বৰ্ষৰ জুন মাহৰ তথ্য অনুসৰি ভাৰতত ১৪২.৩৯ কোটি লোকৰ আধাৰ কাৰ্ড আছে। কিন্তু বিগত ১১ বছৰত ১.১৫ কোটিতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ বাবে আধাৰ কাৰ্ডৰ সংখ্যা বহু কম হ’ব বুলি আশা কৰা হৈছে।
ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ তথ্য অনুসৰি ২০০৭ চনৰ পৰা ২০১৯ চনৰ ভিতৰত প্ৰতি বছৰে দেশত মৃত্যুৰ গড় সংখ্যা আছিল ৮৩.৫ লাখ। গতিকে আধাৰ বাতিলৰ সংখ্যা মৃত্যুৰ সংখ্যাতকৈ বহু কম।
ইউআইডিএআইয়ে জনাইছে যে ,সক্ৰিয় আধাৰ কাৰ্ডৰ ভিতৰত কাৰ মৃত্যু হৈছে আৰু মৃত্যুৰ পাছতো কাৰ আধাৰ কাৰ্ড সক্ৰিয় হৈ আছে সেই সম্পৰ্কে কোনো নিৰ্দিষ্ট তথ্য নাই।
এইটো যথেষ্ট চিন্তনীয় কাৰণ যদি কোনো মৃত ব্যক্তিৰ আধাৰ সক্ৰিয় হয় তেন্তে অপব্যৱহাৰৰ সম্ভাৱনা থাকে।
যদিও বৰ্তমান আধাৰক নাগৰিকত্বৰ প্ৰমাণ বুলি গণ্য কৰা নহয়, তথাপিও প্ৰায় সকলো চৰকাৰী সেৱা আধাৰৰ জৰিয়তে উপলব্ধ।
আন চৰকাৰী নথি-পত্ৰ লাভৰ বাবেও আধাৰ ব্যৱহাৰ কৰাটো কঠিন নহয়। ফলত এই মৃত ব্যক্তিসকলৰ বাবে আধাৰৰ অপব্যৱহাৰ হৈছে নেকি সেই লৈ উদ্বেগ বাঢ়িছে।
