Thailand:✒️দক্ষিণ-পূব এছিয়াৰ ঘন সীমান্তবর্তী অৰণ্যত সম্প্রতি এক অস্বাভাৱিক নীৰৱতা বিৰাজ কৰিছে। ইয়াৰ কাৰণ হৈছে শেহতীয়াভাবে কম্বোদিয়া আৰু থাইলেণ্ডৰ মাজৰ সম্পৰ্কৰ শোচনীয় অৱনতি ঘটিছে। উল্লেখ্য যে দুয়োখন দেশৰ মাজত এক বিবাদ চলি আছে।
কে’বা দশক পুৰণি এই বিবাদে সামৰিক সংঘাতত পৰিণত হোৱাৰ আশংকা প্ৰৱল হৈছে। এই ক্ষেত্ৰত চীনৰ ভূমিকা সন্দেহজনক বুলি চর্চিত হৈছে। কাৰণ শেহতীয়াভাবে চীনে কম্বোদিয়াৰ অভ্যন্তৰত এক বৃহৎ নৌ সেনাৰ ঘাটি স্থাপন কৰিছে।
ফলত দক্ষিণ-পূব এছিয়াত চীনৰ সামৰিক উপস্থিতি অধিক বৃদ্ধি পাইছে। চর্চা হোৱা অনুসৰি, কম্বোদিয়া চৰকাৰে চীনৰ সামৰিক সা-সঁজুলিও ক্ৰয় কৰিছে। গতিকে থাইলেণ্ডৰে কম্বোদিয়াৰ বিবাদপূর্ণ সম্পৰ্কৰ অধিক অৱনতিৰ ক্ষেত্ৰত চীনৰ ভূমিকাও থাকিব পাৰে বুলি চর্চিত হৈছে।
অলপতে কম্বোদিয়াৰ প্রধানমন্ত্রী হুন মানেটে দেশখনৰ এক সামৰিক প্রশিক্ষণ কেন্দ্ৰৰ অনুষ্ঠানত অংশ লয়। এই অনুষ্ঠানত দিয়া ভাষণত প্রধানমন্ত্রী মানেটে কয় যে দেশখনৰ সামৰিক বাহিনীয়ে পুনৰ মূল্যায়ন, পুনর্গঠন আৰু সাজু হোৱা উচিত।
ইয়াৰ জৰিয়তে তেওঁ দীর্ঘম্যাদী সামৰিকীকৰণৰ এক আধাৰশিলা স্থাপন কৰাৰো ইংগিত দিয়ে। দৰাচলতে শেহতীয়াভাৱে কম্বোদিয়াৰ শাসকবৰ্গৰ মনোভাব সলনি হৈছে। অৱশ্যে তাৰ মাজতে দেশখনৰ একাংশই আত্মসম্বৰণৰো আহ্বান জনাইছে; কিন্তু কার্যক্ষেত্ৰৰ পৰিস্থিতিয়ে সুকীয়া ইংগিত দিছে।
সমগ্ৰ দেশখনৰ যুৱক-যুৱতীসকলে যুদ্ধলৈ যাবলৈ আহ্বানৰ অপেক্ষাত আছে। তেওঁলোকক দীঘলীয়া সময়ৰ বাবে বিদায় জনাবলৈ পৰিয়ালবৰ্গই প্রস্তুত হৈ উঠিছে।
কাৰণ উক্ত সামৰিক অনুষ্ঠানত প্রধানমন্ত্রী মানেটে কয় যে অহা বৰ্ষৰ পৰা ১৮-৩০ বছৰ বয়সৰ দেশখনৰ যুৱক-যুৱতীসকলক ১৮ মাহৰ এক বাধ্যতামূলক সামৰিক প্রশিক্ষণ প্রদান কৰা হ’ব। এই প্রশিক্ষণ গ্ৰহণৰ বাবে যুৱক-যুৱতীসকলক সাজু হ’বলৈ তেওঁ আহ্বান জনায়।
ফলস্বৰূপে প্রতিটো সূর্যোদয়তে সীমান্তৰ ভূমি গৰম হ’বলৈ ধৰিছে। অৱশ্যে কম্বোদিয়াই হওক বা থাইলেণ্ডেই হওক, এখনো দেশো মুকলিকৈ যুদ্ধৰ প্ৰস্তুতি চলোৱাৰ কথা ঘোষণা কৰা নাই। উল্লেখ্য যে ২০০৬ত কম্বোদিয়াৰ ১৮-৩০ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ সামৰিক প্ৰশিক্ষণ গ্রহণ বাধ্যতামূলক কৰি এক আইন প্রণয়ন কৰা হয়।
অৱশ্যে বৰ্তমানলৈ এই আইন কাগজ-পত্রতে সীমাবদ্ধ হৈ আছে। সামৰিক বাহিনীৰ বাহিৰৰ কোনো যুৱক-যুৱতীক চৰকাৰে সামৰিক প্রশিক্ষণ প্রদান কৰা নাই।
শেহতীয়াভাৱে থাইলেণ্ডৰ স’তে কম্বোদিয়াৰ সম্পৰ্কৰ শোচনীয় অৱনতি ঘটাৰ কাৰণ আছে। যোৱা ২৮ মে’ত থাইলেণ্ড সীমান্তত এক সংঘৰ্ষত কম্বোদিয়াৰ এজন সৈনিকৰ মৃত্যু হয়।
ইয়ে দুয়োখন দেশৰ সম্পৰ্কৰ দ্রুত অৱনতি ঘটাইছে। কম্বোদিয়াই কেৱল সীমান্ত বন্ধ কৰিয়ে ক্ষান্ত থকা নাই। ঘটনাটোক লৈ দেশখন আন্তর্জাতিক ন্যায় আদালতৰ দ্বাৰস্থও হৈছে।
দেশখনে থাইলেণ্ডৰ বিৰুদ্ধে পুনঃ পুনঃ সীমান্ত চুক্তি উলংঘাৰ অভিযোগ উত্থাপন কৰিছে। স্বাভাৱিকতে দেশখনে থাইলেণ্ডৰ সামগ্ৰীৰ আমদানি বন্ধ কৰিছে।
কম্বোদিয়াৰ এনে কার্যই বেংককত জোঁকাৰণি তোলাৰ সময়তে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী প্যায়েটংগটার্ণ শ্বিনৱাট্টাৰ এক গোপনীয় বার্তালাপ ফাদিল হয়। কম্বোদিয়াৰ প্ৰাক্তন নেতা হান ছেনৰ স’তে প্রধানমন্ত্রীজনে কৰা গোপন বাৰ্তালাপ ৰাজহুৱা হৈ পৰাত থাইলেণ্ড চৰকাৰে তেওঁক নিলম্বিত কৰে।
অৱশ্যে দুয়োজনৰে কথোপকথনৰ বিষয়বস্তু স্পষ্ট হোৱা নাই। তৎসত্ত্বেও তেওঁক লৈ চৰকাৰে ‘ৰিস্ক’ নলৈ তেওঁক নিলম্বিত কৰিছে। আনহাতে, থাইলেণ্ড আৰু কম্বোদিয়াৰ মাজৰ সম্ভাব্য সামৰিক সংঘাতে কেনে ৰূপ ল’ব পাৰে, তাক লৈয়ো চর্চা হৈছে।
মার্কিন গুপ্তচৰ সংস্থা চিআইএৰ মতে, সম্প্রতি কম্বোদিয়াৰ সামৰিক শক্তি বলত দুই লাখ বিষয়াা-জোৱান আছে। আনহাতে, থাইলেণ্ডৰ সামৰিক বাহিনীৰ তিনি লাখ ৫০ হেজাৰতকৈ কিছু বেছি। ইয়াৰ পৰিপ্ৰেক্ষিতত কম্বোদিয়াই সামৰিক শক্তি বল বৃদ্ধি কৰাৰ আঁচনি লৈছে।
ইয়াৰ অধীনত দেশখনে অসামৰিক যুৱক-যুৱতীকো প্রশিক্ষণ দিয়াৰ লক্ষ্য লৈছে। উল্লেখ্য যে কম্বোদিয়া আৰু থাইলেণ্ডৰ মাজত যুদ্ধৰ সূচনা হ’লে ভাৰতৰ ‘পিঠি’ৰ কাষ উত্তপ্ত হ’ব। এই যুদ্ধই ভাৰতৰ পূবত কৰা নীতি (এক্ট ইষ্ট পলিচী) তো প্রভাৱ পেলোৱাৰ আশংকা আছে।






























