Nirvana:✒️মহানগৰীত নিষিদ্ধ কেচিন’ জুৱাৰ ঘাটি উৎখাতৰ পাছতে একাংশ বিলাসী হোটেল-ৰিজ’ৰ্টৰ ভিতৰচ’ৰাত চলি অহা বহু ক’লা বেহাৰ তথ্য পোহৰলৈ আহিছে। বিতর্কিত ব্যৱসায়ী পৱন শৰ্মাৰ মালিকানাধীন সোণাপুৰৰ বিলাসী ৰিজ’ৰ্ট ‘ক্লাব নির্ভানা’ত মঙলবাৰে আৰক্ষীয়ে নিষিদ্ধ কেচিন’ৰ ঘাটি উৎখাত কৰাৰ পাছতে ৰিজ’ৰ্টখনত দীৰ্ঘদিন ধৰি নাৰীৰ দেহ ব্যৱসায় চলি অহাৰ তথ্য পোহৰলৈ আহিছে।
ধৃত ৰিজ’ৰ্ট কর্তৃপক্ষৰ জব্দকৃত ম’বাইল ফোনৰ পৰা তদন্তকাৰী আৰক্ষীয়ে বহু সুন্দৰী যুৱতীৰ তথ্য লাভ কৰাৰ লগতে বহু গ্ৰাহকৰ লগত হোৱা ধনৰ লেনদেনৰ তথ্য লাভ কৰিছে। আনহাতে, আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা সাতজনক কালি আদালতত হাজিৰ কৰায়।
ইয়াৰে ৰিজ’ৰ্টখনৰ সঞ্চালক জ্যোতি শর্মাক আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ বিপৰীতে আন ছজনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে এক গোপন খবৰৰ ভিত্তিত কালি সোণাপুৰ আৰক্ষীয়ে ৰিজ’ৰ্ট ‘ক্লাব নির্ভানা’ত অতর্কিতে অভিযান চলাই নিষিদ্ধ কেচিন’ জুৱাৰ এটা আন্তঃৰাষ্ট্ৰীয় চক্রক উৎখাত কৰে।
এই অভিযানত আৰক্ষীয়ে কেচিন’ পৰিচালনা কৰা অপাৰেটৰ ক্ৰমে মিজোৰামৰ লালচানহিমা চাইল’ (৩৫), লালফকাৱামা ৰাল’টে (২৮), লালৰিং হেটা (৩৫) আৰু যোছেফ লালপাৰমাৱিআ (২৮)ক গ্ৰেপ্তাৰ কৰিছিল। সমান্তৰাভাৱে ৰিজ’ৰ্টখনৰ সঞ্চালিকা তথা ফটাশিলৰ গ্লাছ ফেক্টৰীৰ বাসিন্দা জ্যোতি শৰ্মা (৩১), তেওঁৰ স্বামী অভিষেক শৰ্মা (৩১) আৰু পৰিচালক তথা নগাঁৱৰ কামপুৰৰ দীপক শইকীয়া (৫০)ক প্রথমে আটক কৰি দীর্ঘসময় জেৰাৰ অন্তত নিশা গ্ৰেপ্তাৰ কৰে।
ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ কে’বাটাও ধাৰাৰ লগতে আছাম গেম এণ্ড বেটিং আইনৰ কে’বাটাও ধাৰা সন্নিবিষ্ট কৰি ১১৩/২০২৫ নম্বৰত এক গোচৰ ৰুজু কৰি আজি কেওজনকে আদালতত হাজিৰ কৰিছিল আৰু আদালতে সঞ্চালিকা শৰ্মাক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে আন ছজনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।
সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত ধৃতসকলক জেৰা অব্যাহত ৰাখিছে। ইফালে, ৰিজ’ৰ্টখনত চলা এই নিষিদ্ধ জুৱাত অংশগ্ৰহণ কৰা বহু হাইপ্রফাইল জুৱাৰীৰ এখন দীঘলীয়া তালিকা প্রস্তুত কৰিছে।
তদন্তৰ খাতিৰত আৰক্ষীয়ে এইসকল প্রতিষ্ঠিত ব্যৱসায়ী তথা সম্ভ্রান্ত ঘৰৰ লোকৰ নাম প্ৰকাশ কৰা নাই যদিও শীঘ্ৰে তেওঁলোকো জেৰাৰ সন্মুখীন হ’ব বুলি সদৰী কৰিছে। উল্লেখ্য যে প্রায় এসপ্তাহ ধৰি একেৰাহে চলা কেচিন’ জুৱাত সৰ্বমুঠ কিমান টকাৰ লেনদেন হৈছিল, এই তথ্যৰ সন্ধানত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
প্রাথমিক তদন্তৰ ভিত্তিত কেৱল জুৱাতে কে’বা কোটি টকাৰ লেনদেন হোৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি, এই জুৱাত মহানগৰীৰ কমেও ১৫জন লোকৰ লগতে অৰুণাচল, মেঘালয় আদি ৰাজ্যৰ লোকেও এই জুৱাত অংশগ্ৰহণ কৰা তথ্য লাভ কৰিছে।
সম্প্ৰতি আৰক্ষীয়ে ৰিজ’ৰ্টখনৰ বহুকেইটা চিচি টিভিৰ ষ্টৰেজ জব্দ কৰি অহা-যোৱা কৰাৰ লোকসকলৰ তথ্য সংগ্ৰহ অব্যাহত ৰাখিছে। পূব গুৱাহাটী জিলা আৰক্ষীৰ শীৰ্ষ সূত্ৰই সদৰী কৰা অনুসৰি, এই গোচৰৰ তদন্ত প্রক্রিয়া দীঘলীয়া হ’ব; কিয়নো এই গোচৰতো এশৰো অধিক লোকৰ নাম সাঙোৰ খাই পৰিছে।
জুৱাৰ সমান্তৰালভাৱে ৰিজ’টখনত নাৰী দেহৰ অবৈধ বেহা চলি থকাৰ তথ্যও পোহৰলৈ আহিছে বুলি সূত্ৰটোৱে সদৰী কৰি কয় যে বিশেষকৈ ৰিজ’ৰ্টখনৰ ধৃত পৰিচালক দীপক শইকীয়াৰ ম’বাইলত বহু সুন্দৰী যুৱতীৰ ফটো পোৱা গৈছে।
লগতে দেহ ব্যৱসায়ৰ দৰ-দামৰ তথ্যও পোহৰলৈ আহিছে। জুৱাৰ সমান্তৰালভাৱে দেহ ব্যৱসায়ৰ দিশটোৰো তদন্ত আৰম্ভ হৈছে বুলি সূত্ৰটোৱে কয়। উল্লেখ্য যে প্রাথমিক তদন্তৰ ভিত্তিত আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, আন্তঃৰাষ্ট্ৰীয় কেচিন’ চক্ৰই ৰিজ’ৰ্টখনৰ কোঠা বুকিং কৰি এই নিষিদ্ধ জুৱা চলাইছিল।
অংশগ্ৰহণকাৰীসকলক সুৰা-নাৰী সকলো যোগান ধৰা হৈছিল। এই চক্ৰটোৰ স’তে ৰিজ’ৰ্ট কর্তৃপক্ষ প্রত্যক্ষভাবে জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। সম্প্ৰতি গ্ৰেপ্তাৰৰ ভয়ত ৰিজ’ৰ্টখনৰ স্বত্বাধিকাৰী পৱন শৰ্মা পলাতক হৈ আছে বুলি সূত্ৰটোৱে সদৰী কৰে।
আনহাতে, ৰিজ’ৰ্ট কর্তৃপক্ষৰ বিৰুদ্ধে যে আৰক্ষীয়ে কিবা ব্যৱস্থা গ্রহণ কৰিব পাৰিব, এই কথা বিশ্বাস নকৰে স্থানীয় লোকে; কিয়নো ৰিজ’ৰ্টখনৰ বিৰুদ্ধে পূর্বে আইপিল জুৱাকে ধৰি বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছে যদিও কোনেও গাৰ নোম এডালো লৰাব পৰা নাছিল। এইবাৰো একেই পৰিণতি হ’ব বুলি সন্দেহ প্রকাশ কৰিছে স্থানীয় লোকে।






























