Indian Arm Force:পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পাকিস্তানী চোৰাংচোৱাৰৰ অভিযান আৰম্ভ হয়। ইতিমধ্যেই চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে কেবাজনো লোক।
এইবাৰ একে অভিযোগতে গ্ৰেপ্তাৰ হ’ল ভাৰতীয় সেনাৰ এজন জোৱান।ধৃত ব্যক্তিজনৰ নাম দেৱেন্দৰ সিং। যোৱা ১৪ জুলাইত জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ উৰিৰ পৰা পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দেৱেন্দক।
বিগত ১৫ জুলাইত দেৱেন্দৰক মোহলী আদালতত হাজিৰ কৰোৱা হয় আৰু ছয় দিনৰ আৰক্ষী জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে ন্যায়াধীশে।
সাংগ্ৰুৰ জিলাৰ নিহালগড় গাঁৱৰ বাসিন্দা দেৱেন্দৰে পাকিস্তানৰ আন্তঃসেৱা চোৰাংচোৱা সংস্থাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অভিযোগ উত্থাপন হৈছে।
ইয়াৰ পূৰ্বে গুৰপ্ৰীত সিং ওৰফে গুৰি বা ফৌজী নামৰ এজন প্ৰাক্তন সেনা জোৱানক চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
গুৰপ্ৰীতক জেৰাৰ সময়তে দেৱেন্দৰৰ নাম আহি পৰে ।প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে ২০১৭ চনত পুনেৰ সেনা শিবিৰত প্ৰশিক্ষণৰ সময়ত দেৱেন্দ আৰু গুৰপ্ৰীতৰ প্ৰথম সাক্ষাৎ হৈছিল। ইজনে সিজনৰ লগত যোগাযোগ বজাই ৰাখিছিল।
পাছত দুয়োজনে চিকিম আৰু জম্মু-কাশ্মীৰত পোষ্টিং পালে।তাৰ পাছতে দুয়োজনে একে লগে কাম কৰে।দুয়োৰে গোপন সামৰিক তথ্যৰ সুবিধা আছিল।
তাৰ পৰা কিছু তথ্য পাকিস্তানৰ আই এছ আইৰ হাতত অৰ্পণ কৰা হয়।পঞ্জাৱ আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে গুৰপ্ৰীত সিং পাকিস্তানী আই এছ আইৰ কৰ্মীৰ স’তে প্ৰত্যক্ষ সংস্পৰ্শত আছিল।
তেওঁৰ বিৰুদ্ধে মূলতঃ পেন ড্ৰাইভ আৰু ডিস্ক ব্যৱহাৰ কৰি গোপন তথ্য সৰবৰাহৰ অভিযোগ উত্থাপন হৈছে।
আৰক্ষীয়ে দাবী কৰিছে যে গুৰপ্ৰীতৰ পৰা ভাৰ্চুৱেল নম্বৰ থকা দুটা মোবাইল ফোন উদ্ধাৰ কৰা হৈছে, যিবোৰ মোবাইল আই এছ আইৰ কৰ্মীৰ স’তে যোগাযোগৰ বাবে ব্যৱহাৰ কৰা হৈছিল।






























