Punjab:
পঞ্জাৱৰ দৌৰবিদ ফৌজা সিঙৰ মৃত্যুৰ স’তে জড়িত এগৰাকী প্ৰবাসী ভাৰতীয় (এন আৰ আই)ক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত ব্যক্তিজনৰ নাম অমৃত সিং ধিলন। ৩০ বছৰীয়া যুৱকজনে কানাডাত বাস কৰে।তেওঁৰ বিৰুদ্ধে গাড়ীৰে খুন্দিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে ইতিমধ্যে তেওঁৰ গাড়ীখনো জব্দ কৰিছে।
জালন্ধাৰৰ সমীপৰ বিয়াছ পিণ্ড গাঁৱত সোমবাৰে সংঘটিত গাড়ী দুৰ্ঘটনাত দৌৰবিদৰ ফৌজা সিঙৰ মৃত্যু হয়। সেইদিনা দুপৰীয়া প্ৰায় ৩:৩০ বজাত বৃদ্ধ দৌৰবিদজনক পথ পাৰ হৈ যোৱাৰ সময়ত এখন তীব্ৰবেগী গাড়ীয়ে খুন্দা মাৰে। সংকটজনক অৱস্থাত তেওঁক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
তাত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। তেওঁৰ বয়স আছিল ১১৪ বছৰ। ঘটনাৰ দুদিনৰ ভিতৰতে আৰক্ষীয়ে অভিযুক্ত চালকজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি ধৃত অভিযুক্তজন জলন্ধাৰৰ কৰতাৰপুৰৰ বাসিন্দা। তেওঁ পৰিয়ালৰ স’তে কানাডাত থাকে। দৌৰবিদজনৰ দুৰ্ঘটনাৰ পিছৰে পৰা অভিযুক্ত চালকজনক বিচাৰি কেবাটাও আৰক্ষীৰ দল গঠন কৰা হৈছে।
গাড়ীখনৰ নম্বৰ প্লেট আৰু একাধিক চিচিটিভি ফুটেজৰ পৰা আৰক্ষীয়ে অমৃতপালক চিনাক্ত কৰে। ফৌজা সিঙক খুন্দা মৰা গাড়ীখন কাপুৰথালা নিবাসী বৰিন্দ্ৰ সিঙৰ নামত পঞ্জীয়ন কৰা হৈছে। প্ৰথমে বৰিন্দ্ৰক আটক কৰি জেৰা কৰে।তেওঁ দাবী কৰে যে তেওঁ গাড়ীখন অমৃতপাল নামৰ এজন যুৱকক বিক্ৰী কৰিছিল। সেই তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এসপ্তাহ আগতে অমৃতপাল ভাৰতলৈ আহিছিল।






























