Brutal murder in Kathiatali:নগাঁৱৰ কঠীয়াতলী টুবুকী গ্রান্টত নৃশংস হত্যাকাণ্ড

পত্নীক হত্যা কৰি তিনিবছৰীয়া সন্তানক লৈ পলায়ন ঘাতক স্বামী

KATHIATOLI

Brutal murder in Kathiatali:

নগাঁৱৰ কঠীয়াতলীৰ টুবুকী গ্রান্টত নৃশংস হত্যাকাণ্ড ৷ নিজ বাসগৃহতে পত্নীক চোকা জাতীয় অস্ত্ৰৰে উপযুপৰি আঘাত কৰি নৃশংসভাৱে হত্যা কৰে ৷ হত্যাকাণ্ড সংঘটিত কৰি নিজৰ তিনিবছৰীয়া সন্তানক লৈ পলায়ন কৰে ঘাতক স্বামী
হত্যাকাণ্ডৰ বলী হোৱা মহিলা গৰাকীৰ নাম ৰমলা কোঁৱৰ ৷ আনহাতে ঘাতক স্বামীৰ নাম ডিম্বেশ্বৰ গগৈ ৷ ইতিমধ্যে ঘটনাস্থলীত কঠিয়াতলী আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে এনএমচিএইছলৈ প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত ৷ কি কাৰণত নিজ পত্নীক নিৰ্মমভাৱে স্বামীয়ে হত্যা কৰিলে এই সন্দৰ্ভত আৰক্ষীয়ে একো সদৰি কৰা নাই৷ অৱশ্যে ঘাতক ডিম্বেশ্বৰ গগৈৰ সন্ধানত আৰক্ষীয়ে চলাইছে অভিযান ৷

Exit mobile version