একেলগে দিল্লীৰ ২০খন বিদ্যালয়ত বোমাতংক!

ততাতৈয়াকৈ বিদ্যালয়সমূহ খালি কৰোৱা হয়

Bomb threat 1

Delhi schools bomb threats:✒️পুনৰ দিল্লীৰ একাধিক বিদ্যালয়ত বোমাৰ আতংক। একেলগে ৰাজধানীৰ ২০ খন বিদ্যালয় বোমা দি উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে। দ্ৰুততাৰে একাধিক বিদ্যালয় খালী কৰোৱা হয়। লগতে ততাতৈয়াকৈ ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ পঠোৱা হয়।

কেৱল এই সপ্তাহতে ৰাজধানীৰ ৩০খন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি আহিছে। স্বাভাৱিকতে ৰাজধানী চহৰৰ বিদ্যালয়সমূহৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

শুকুৰবাৰে পুৱা ২০খন বিদ্যালয়ত এখন এখনকৈ বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছিল।আজি ভাবুকি লাভ কৰা বিদ্যালয়সমূহৰ ভিতৰত আছে ৰিচমণ্ড গ্ল’বেল স্কুল আৰু অভিনব পাব্লিক স্কুলৰ দৰে শীৰ্ষ মানৰ শিক্ষানুষ্ঠান।

আজি এখন মহাবিদ্যালয়তো বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰা হয়। এই তথ্য লাভ কৰাৰ লগে লগে দিল্লী আৰক্ষী, বোমা স্কোয়াড, ডগ স্কোয়াড আৰু চাইবাৰ এক্সপাৰ্ট টিমে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়।

বিদ্যালয়সমূহ খালী কৰি তালাচী অভিযান আৰম্ভ কৰা হয়। অৱশ্যে এই অনুসন্ধানৰ পাছত সন্দেহজনক একো পোৱা নগ’ল।

প্ৰথম অৱস্থাত আৰক্ষীয়ে সকলো ভাবুকি ভুৱা বুলি অনুমান কৰিছিল। বিগত চাৰিদিনত ৩০খন বিদ্যালয়ত ভুৱা ভাবুকি ফোন আহিছে। মঙলবাৰে চৌলাৰৰ ছেইণ্ট ষ্টিফেনছ কলেজ আৰু ছেইণ্ট থমাছ স্কুললৈ ভাবুকিমূলক মেইল আহিছিল।

বুধবাৰে মাদাৰছ ইণ্টাৰনেশ্যনেল স্কুল, ৰিচমণ্ড গ্ল’বেল স্কুল, চৰ্দাৰ পেটেল স্কুলৰ দৰে প্ৰতিষ্ঠানেও ভাবুকি লাভ কৰে। প্ৰতিটো ক্ষেত্ৰতে বিদ্যালয়সমূহত আৰ ডি এক্স আৰু আই ই ডি ৰখাৰ ভাবুকি পোৱা গৈছিল।

বাৰে বাৰে এনে ঘটনা সংঘটিত হোৱাৰ বাবে প্ৰশাসন চিন্তিত হোৱাটো স্বাভাৱিক।

Exit mobile version