Against Evictions:
অসম চৰকাৰে ৰাজ্যজুৰি অব্যাহত ৰখা উচ্ছেদ অভিযানৰ জৰিয়তে খিলঞ্জীয়াৰ ভূমিহে কাঢ়ি লোৱাৰ ষড়যন্ত্ৰ কৰিছে বুলি আজি বিভিন্ন দল-সংগঠন সৰৱ হয়। বৃহস্পতিবাৰে এক সংবাদমেলত অসম নাগৰিক সমাজৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ৰাজ্যত উচ্ছেদক লৈ চৰকাৰৰ ভূমিকাত ক্ষুব্ধ
চলি থকা সকলো উচ্ছেদকে অমানৱীয় আখ্যা দি ইয়াৰ বিৰোধিতা কৰিবলৈ ৰাইজক আহ্বান জনায়। বিশেষকৈ ধুবুৰী আৰু গোৱালপাৰাৰ বিভিন্ন ঠাইত চলোৱা উচ্ছেদক অমানৱীয় আৰু গৰিহণাযোগ্য বুলি মন্তব্য কৰে ভূঞাই। তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছত সুপৰিকল্পিতভাৱে অসমৰ ভূমি বহুজাতিক কোম্পানীক তথা পুঁজিপতিক গতাই দিয়াৰ চক্রান্ত চলিছে।
তাৰ লক্ষ্য কৰি লোৱা হৈছে খিলঞ্জীয়া লোকৰ ভূমি। ভূঞাই কয়, ‘বৰদুৱাৰ উপগ্ৰহীয় নগৰ নিৰ্মাণৰ নামতেই হওক, কাৰ্বি আংলঙৰ লংপথাৰত সৌৰশক্তি প্ৰকল্পৰ নামত আম্বানীক মাটি প্রদানৰ কথাই হওক অথবা পৰ্বতঝোৰা, কাজিৰঙা আদিত খিলঞ্জীয়াৰ হাতত থকা ভূমি বহুজাতিকক গতাই দিয়াৰ কথাই হওক, সেই সকলো তেনে পৰিকল্পনাৰে অংশ। শেহতীয়াকৈ ধুবুৰীৰ বৃহৎ সংখ্যক মানুহক উচ্ছেদ কৰি তাপবিদ্যুৎ প্ৰকল্পৰ নামত আদানী গোষ্ঠীক সেই মাটি গতাই দিব বিচৰা হৈছে।
অসমৰ সাধাৰণ খেতিয়কক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি তথাকথিত উদ্যোগৰ সস্তীয়া শ্রমিকত পৰিণত কৰাৰ ষড়যন্ত্রক অসম নাগৰিক সমাজে গৰিহণা দিয়ে।’ চৰকাৰী ৰাজহ প্ৰদানৰ ক্ষেত্ৰত অপৰাগতাৰ বাবেই অসমৰ খিলঞ্জীয়া মানুহে ভূমি পট্টাৰ লোৱাৰ পৰা বিৰত আছিল। ফলত যুগ যুগ ধৰি বসবাস কৰি থকাৰ পাছতো তেওঁলোক চৰকাৰী মাটিৰ বেদখলকাৰী হৈ ৰ’ল। অসমৰ বৃহৎ সংখ্যক পমুৱা মুছলমানে বান-খহনীয়াৰ দ্বাৰা আক্ৰান্ত হৈ চৰকাৰী মাটিত বসবাস কৰিবলৈ বাধ্য হৈছে।
অসমৰ বৰ্তমানৰ চৰকাৰখনে বৃহৎ বহুজাতিক গোষ্ঠীক ভূমি প্ৰদানৰ উদ্দেশ্যে ব্যাপক হাৰত ভূমি লুণ্ঠন অভিযান আৰম্ভ কৰিছে। ভূঞাই লগতে উল্লেখ কৰে যে খিলঞ্জীয়াৰ ৫৫ হেজাৰ বিঘা ভূমি পুঁজিপতিক গতাই দিয়াৰ ষড়যন্ত্ৰ কৰিছে এইখন চৰকাৰে। খিলঞ্জীয়াক মাটিৰ অধিকাৰ প্ৰদান কৰিবলৈ ভূঞাই চৰকাৰক দাবী জনায়। সংবাদমেলত ভূঞাই অসমৰ খিলঞ্জীয়া কিমান সংখ্যক লোকক মাটি প্রদান কৰা হ’ল, তাৰ শ্বেতপত্র প্রদান কৰিবলৈয়ো চৰকাৰক দাবী জনায়।
আইন মোহাৰি উচ্ছেদ চলিছে: চিপিআই (এমএল)
ইপিনে, আন এখন সংবাদমেলত চিপিআই (এমএল) ৰ অসম ৰাজ্যিক সমিতিয়ে অভিযোগ কৰে যে উচ্চ ন্যায়ালয়ৰ ৰায়কো অংগুষ্ঠ দেখুৱাই, দেশৰ আইন ব্যৱস্থাকো ভৰিৰে মোহাৰি চৰকাৰে উচ্ছেদ চলাইছে। দলৰ সম্পাদক বিবেক দাসে কয় যে কালি তেওঁলোকে পাইকানৰ আশুডুবি আৰু পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদুৱাৰৰ প্ৰস্তাৱিত উপগ্ৰহীয় নগৰ অঞ্চল পৰিদৰ্শন কৰে। তেওঁলোকে প্রত্যক্ষ কৰে যে উচ্ছেদিত সকলৰ বাবে ন্যূনতমো ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰা নাই।
আনকি পুনৰ সংস্থাপনৰো কোনো ব্যৱস্থা নাই। দাসে লগতে কয়, ‘আশুডুবিক পাইকান বুলি নতুন নাম এটা দি এখন সংৰক্ষিত বনাঞ্চলৰ লগত অঞ্চলটোৰ সংযোগ স্থাপন কৰি তাত উচ্ছেদ চলোৱা হৈছে। পুৰণি নামত অঞ্চলটোত চৰকাৰী সকলো ব্যৱস্থা আছে, যিবোৰ চৰকাৰে নিয়ম অনুসৰি সংৰক্ষিত বনাঞ্চলত স্থাপন কৰিব নোৱাৰে। এখন ৰাজহ গাঁও হ’লেহে তেনে ব্যৱস্থাবোৰ গঢ়ি তুলিব পাৰি। অঞ্চলটোৰ লোকসকলে বিগত ৭০ বছৰে তাত বসবাস কৰি আহিছে। তেওঁলোকৰ ভোটাধিকাৰ পৰ্যন্ত আছে। তৎসত্ত্বেও চৰকাৰে গভীৰ ষড়যন্ত্ৰৰে কোনো ব্যৱসায়িক গোষ্ঠীক মাটি গতাই দিয়াৰ স্বার্থত বেআইনীভাবে তেনে লোকসকলক উচ্ছেদ কৰে।’
খিলঞ্জীয়াৰ ভূমিহে কাঢ়ি লোৱাৰ ষড়যন্ত্র: জাতীয় পৰিষদ
অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই বৃহস্পতিবাৰে ইয়াত এক সংবাদমেলত মন্তব্য কৰে যে উচ্ছেদৰ নামত চৰকাৰে খিলঞ্জীয়া নাগৰিকৰ ভূমিহে কাঢ়ি লোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। ভূঞাই কৈছে যে চৰকাৰে এতিয়ালৈকে যি উচ্ছেদ চলাইছে, তাৰ জৰিয়তে পূর্ববংগীয় লোকক উচ্ছেদৰে ছহেজাৰ বিঘা ভূমি সংগ্ৰহ কৰিছে। ইয়াৰ বিপৰীতে খিলঞ্জীয়াৰ পৰা ভূমি ল’ব বিচাৰিছে ৪৯ হেজাৰ বিঘা। গতিকে চৰকাৰখনে ভুৱা প্ৰচাৰৰে খিলঞ্জীয়াক সুৰক্ষা দিয়াৰ বিষয়টো উত্থাপন কৰি আহিছে বুলি ভূঞা সৰৱ হয়।
জাতি-মাটি-ভেটিৰ শ্ল’গান মিছা: ৰাইজৰ দল
ৰাইজৰ দলেও এক বিবৃতিত অভিযোগ কৰে যে গোৱালপাৰা, ধুবুৰী আৰু কোকৰাঝাৰত ‘বাংলাদেশীৰ বিৰুদ্ধে উচ্ছেদ’ নাম দি চৰকাৰে এখন নাটকহে ৰচনা কৰিছে। তাৰ পৰিৱৰ্তে চৰকাৰে অসমৰ খিলঞ্জীয়া লোককহে মাটি-ভেটিৰ পৰা উচ্ছেদৰ বাবে কাম কৰি আহিছে। দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে কয় যে চৰকাৰে ধৰ্মীয় সংখ্যালঘু প্রধান অঞ্চলত মুঠ ৬,৫০০ বিঘা ভূমিত উচ্ছেদ চলাই বৃহৎ পুঁজিপতি গোষ্ঠীক গতাই দিয়াৰ বিপৰীতে খিলঞ্জীয়া ভূমিপুত্র বসতিপ্রধান অঞ্চলৰ মুঠ ৫০,৮৩৭ বিঘা মাটি উচ্ছেদ কৰি বৃহৎ পুঁজিপতি গোষ্ঠীৰ হাতত গতাব বিচাৰিছে। ৬,৫০০ বিঘাত উচ্ছেদ’ চলাই চৰকাৰে ভুৱা প্ৰচাৰৰে মেৰু বিভাজন কৰি মুনাফা আদায়ৰ লগতে খিলঞ্জীয়াৰ ভূমি বৃহৎ পুঁজিপতিক গতাই দিয়াৰ বিষয়টো ঢাকি ৰাখিবলৈ বিচাৰিছে।






























