Golokganj :
অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গোলকগঞ্জ ৷ ইটোৰ পাছত সিটোকৈ সঘনাই সংঘটিত হোৱা অপৰাধমূলক কাৰ্যই নগৰবাসীক কৰি তুলিছে উদ্বিগ্ন ৷
ADVERTISEMENT
গোলকগঞ্জ আৰক্ষীয়ে বুধবাৰে ছোটোগুমা অঞ্চলত আটক কৰিছিল এজন ড্ৰাগছ সৰবৰাহকাৰীক। আটকাধীনো সৰবৰাহকাৰীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে সোনাখুলি প্ৰথম খণ্ড গাঁৱৰ ময়নাল আলীৰ ঘৰত অভিযান চলায়।
অভিযানত এটা পুতলা পিষ্টলল সহ আৰক্ষীয়ে আটক কৰে মইনালক । আনহাতে আৰক্ষীয়ে মইনালক জেৰা কৰি থকাৰ সময়তে ময়নালৰ পত্নীয়ে আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হয়। আনহাতে আৰক্ষীয়ে মহিলা গৰাকীৰ বিৰুদ্ধে গোচৰ ৰজু কৰি অচিৰেই আটক কৰাৰ কথা সদৰি কৰে ৷






























