Sonari:
ড্ৰাগছৰ বিৰুদ্ধে সোণাৰি আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান ৷ আৰক্ষীয়ে চলোৱা অভিযানত আটক হয় কুখ্যাত ড্ৰাগছ মাফিয়া অৰুণ বৰুৱা ওৰফে কচু ৷ আনহাতে ধৃত কচুৰ স্বীকাৰোক্তিৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে আন এটা দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া টিয়ক গাঁৱৰ মহিবুল আলীৰ বাসগৃহত অভিযান চলাই জব্দ কৰে প্ৰায় ৮ লাখ ৭৯ হাজাৰ ৮ শ টকা ৷ অৱশ্যে আৰক্ষী আগমণৰ খবৰ পাই পলায়ন কৰে ড্ৰাগছ মাফিয়াজন ৷
ADVERTISEMENT





























