উচ্চ মূল্যৰ নিবিদা বাতিল কৰি নিম্ন মূল্যৰ নিবিদাকাৰীক বজাৰ আবণ্টন

সাপ্তাহিক বজাৰ বন্দৱস্তিৰ নামত অনিয়মৰ অভিযোগ

IMG 20250719 WA0047

Nagaon Zila Parishad:✒️নগাঁও জিলাৰ পশ্চিম কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত নিজ লাওখোৱা পঞ্চায়তৰ অঞ্চলাধীন নিজ লাওখোৱা সাপ্তাহিক বজাৰখন লেছীক আবণ্টন দিয়াৰ ক্ষেত্ৰত ব্যাপক দুর্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিভাগীয় নির্দেশনা মানি লগতে উচ্চ নিৰিখত নিবিদা দাখিল কৰিও বজাৰ আবণ্টন নোপোৱা তিনিজন বঞ্চিত নিবিদাকাৰী ক্রমে উজ্জ্বল সৰকাৰ, বিকাশ মণ্ডল আৰু নিবাস দাসে এই সন্দর্ভত নগাঁও জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়াক এক লিখিত অভিযোগ দাখিল কৰে।

নিজ লাওখোৱা সাপ্তাহিক বজাৰৰ বন্দবস্তিত বিয়াগোম কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰি দাখিল কৰা অভিযোগপত্রত উল্লেখ কৰা অনুসৰি, পশ্চিম কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ সচিব আৰু কার্যবাহী বিষয়াই যোৱা ২৫ জুনত নিজ লাওখোৱা সাপ্তাহিক বজাৰৰ নিবিদা গ্রহণ কৰে।

বজাৰ বন্দবস্তি লাভৰ বাবে মুঠ আঠজন নিবিদাকাৰীয়ে নিবিদা দাখিল কৰিছিল। নিবিদা দাখিল কৰা নিবিদাকাৰীসকল হ’ল ক্রমে উজ্জ্বল সৰকাৰ (৫,৯১,৪৩৩ টকা), বাজেশ মণ্ডল (৫,৯১,৪৩৩), বিকাশ মণ্ডল (৫,৯১,৪০১), বাদল মণ্ডল (৫,৩৭,৬৬৭), ঋষভ মল্লিক (৪,৪৪,৪৪৪), আনন্দ সৰকাৰ (৩,৭২,০০০), নিবাস দাস (২,২৭,১১১) আৰু দুলাল মণ্ডল (১,২৭,১১০ টকা)।

ওপৰোক্ত নিবিদাকাৰীৰ নিবিদা অনুসৰি খণ্ড উন্নয়ন বিষয়া আৰু বজাৰ বন্দবস্তি কমিটীয়ে আনন্দ সৰকাৰক (৩,৭২,০০০) বজাৰ বন্দবস্তি দিয়ে। ইয়াৰ পাছত বঞ্চিত নিবিদাকাৰীসকল ক্রমে উজ্জ্বল সৰকাৰ, বিকাশ মণ্ডল আৰু নিৱাস দাসে কাৰ্যালয়ৰ পৰা যেতিয়া চিএছ কপি বিচাৰে তেতিয়া তেওঁলোকক দুদিনৰ পাছত চিএছ কপি দিয়ে।

তেতিয়া তেওঁলোক হতভম্ব হৈ পৰে। তেওঁলোকে অভিযোগ কৰা অনুসৰি, তেওঁলোকৰ অজ্ঞাতে মনে মনে পুনৰ নিবিদা আহ্বান কৰি এইবাৰ তিনিজন নিবিদাকাৰী ক্রমে এই আনন্দ সৰকাৰ (নিবিদা মূল্য ১,১৫,৫৬০ টকা), ৰাজেশ মণ্ডল (১,৫০,৫০১) আৰু বাদল মণ্ডল (২,১৬,৫০১) গ্রহণ কৰা দেখুৱাই তাৰে এজন নিবিদাকাৰী আনন্দ সৰকাৰক অতি কম মূল্য ১,১৫,৫৬০ টকাত বজাৰখন বন্দবস্তি দিয়ে।

ইয়াৰ ফলত চৰকাৰে বৃহৎ ৰাজহৰ পৰা বঞ্চিত হ’ব বুলি অভিযোগপত্রত উল্লেখ কৰি উক্ত বিষয়টো তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। ইপিনে, পশ্চিম লাওখোৱা আঞ্চলিক পঞ্চায়তৰ তথ্যত উল্লেখ থকা অনুসৰি, পুনৰ নিবিদা আহ্বান কৰাৰ পাছত তিনিখন নিবিদা পোৱা গৈছিল।

কিন্তু নিবিদা দাখিল কৰা ৰাজেশ মণ্ডল আৰু বাদল মণ্ডলে নিবিদাৰ লগত সংলগ্ন কৰা ফটোত ৰাজপত্ৰিত বিষয়াৰ স্বাক্ষৰ নথকাত তেওঁলোকৰ নিবিদা অগ্রাহ্য কৰি কমিটীয়ে ১,১৫,৫৬০ টকাত আনন্দ সৰকাৰক বজাৰখন বন্দবস্তি দিয়ে।

স্মর্তব্য যে বিগত বৰ্ষত নিজ লাওখোৱা সাপ্তাহিক বজাৰখন ৬,১১,০০০ টকাত বন্দবস্তি দিয়া হৈছিল। এতিয়া বজাৰখনত ৰাজহ সংগ্ৰহৰ উৎস যথেষ্ট বৃদ্ধি পোৱা সত্ত্বেও মাত্র ১,১৫,৫৬০ টকাত বন্দবস্তি দিয়া বিষয়টোত ৰাইজে ৰহস্যৰ গোন্ধ পাইছে।

Exit mobile version