নগাঁৱত পদপথ দখল কৰা ব্যৱসায়ীক উচ্ছেদ পৌৰসভা প্রশাসনৰ

IMG 20250719 WA0046

NMB : ✒️ নগাঁও চহৰত পদপথ দখল কৰি ব্যৱসায় চলোৱা ব্যৱসায়ীক আজি নগাঁও পৌৰসভা প্রশাসনে উচ্ছেদ কৰে। উল্লেখ্য যে নগাঁও চহৰৰ বৰবজাৰ, ঢাকাইপট্টি, স্টেডিয়াম মার্কেট হয়বৰগাঁৱকে ধৰি কেতবোৰ বাণিজ্যিক অঞ্চলাত একাংশ ব্যৱসায়ীয়ে পদপাথ দখল কৰি বেপাৰ-বাণিজ্য চলাই অহাত যাতায়াতৰ ক্ষেত্ৰত জনসাধাৰণ যথেষ্ট অসুবিধাৰ সম্মুখীন হ’ব লগাত পৰে।

আনহাতে, চহৰখনৰ জ্যেষ্ঠ নাগৰিককে ধৰি বিভিন্ন ব্যক্তি আৰু সংগঠনে পদপথ দখল কৰি একাংশ ব্যৱসায়ীয়ে বেহা-বেপাৰ কৰা কার্যৰ বিৰুদ্ধে নগাঁও পৌৰসভাক অভিযোগ দি আহিছে।

নগাঁও পৌৰসভা প্রশাসনে এইসকল ব্যৱসায়ীক পদপথ কিম্বা পথৰ দাঁতিত বেহা-বেপাৰ নকৰিবৰ বাবে সকীয়নি প্ৰদান কৰি অহাৰ পাছতে ব্যৱসায়ীসকলে গুৰুত্ব আৰোপ কৰা নাছিল।

সেয়ে আজি নগাঁও পৌৰসভা প্রশাসনে পদপথ দখল কৰি বেহা-বেপাৰ কৰা ব্যৱসায়ীসকল পদপথৰ পৰা উচ্ছেদ কৰাৰ লগতে ভবিষ্যতে পদপথ দখল কৰি বেপাৰ-বাণিজ্য নকৰিবৰ বাবে সকীয়নি প্রদান কৰে।

উল্লেখ্য যে নগাঁও চহৰৰ কেতবোৰ বাণিজ্যিক অঞ্চলাত একাংশ ব্যৱসায়ীয়ে পদপথ দখল কৰি বেপাৰ-বাণিজ্য চলাই অহাত পথচাৰীসকল পদপথৰে আহ-যাহ কৰাত যথেষ্ট অসুবিধাৰ সম্মুখীন হৈ আহিছে। আনহাতে, আন একাংশ ক্ষুদ্র ব্যৱসায়ীয়ে পদপথৰ অধিকাংশ দখল কৰি নিতৌ ব্যৱসায় চলাই আহিছে।

নগাঁও পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰাৰ নেতৃত্বত জনসাধাৰণৰ যাতায়াতৰ সুবিধার্থে পদপথৰ ব্যৱসায়ীসকলক উচ্ছেদ কৰা হয়। নগাঁও পৌৰসভাৰ এনে পদক্ষেপক নগাঁৱৰ সচেতন মহলে আদৰণি জনাইছে।

Exit mobile version