Uttar Pradesh: ✒️নিশাৰ আকাশত দেখা যায় ৰহস্যময় ড্ৰ’ন। শংকিত হৈ পৰিছে উত্তৰ প্ৰদেশৰ মোৰাদাবাদ জিলাৰ চাজলাট গাঁৱৰ বাসিন্দা।
তেওঁলোকৰ আশংকা,চোৰৰ দলে ড্ৰ’ন পঠিয়াই তেওঁলোকৰ ঘৰত চকু ৰাখিছে।অসাৱধানতাৰ ফলত মুহূৰ্ততে সকলো হেৰাই যাব পাৰে বুলি তেওঁলোকে অনুমান কৰে।
গতিকে, ৰাতি পাল পাতি দুই এজনক গাঁওখন পহৰা দিবলৈ নিয়োগ কৰা হৈছে। অৱশ্যে ড্ৰ’নখন কোনে প্ৰেৰণ কৰিছে, ইয়াৰ উদ্দেশ্য কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
গাঁওবাসীয়ে জনোৱা মতে, বৃহস্পতিবাৰে নিশাও ড্ৰ’ন উৰি থকা দেখিছিল। বিশেষকৈ বিভিন্ন ঘৰৰ ওপৰত এই ড্ৰ’ন ঘূৰি ফুৰিছিল।
আতংকিত হৈ বহু লোকে চৰাই মৰা বন্দুকৰে শূণ্যলৈ বুলি গুলী চালনা কৰে । ইয়াৰ পাছৰ পৰাই ড্ৰ’নখন আৰু দেখা পোৱা নাযায় বুলি তেঁওলোকে জানিবলৈ দিয়ে। ইতিমধ্যে ড্ৰ’নখনৰ ফটো তুলি আৰক্ষীক জমা দিয়া হৈছে। ড্ৰ’নখনৰ ৰহস্য উন্মোচনৰ বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীৰ মতে গাঁওবাসীৰ ভয়ত স্থানীয় যুৱক সকলে এই কাৰ্য সংঘটিত কৰিছে। অৱশ্যে এই বিষয়ত আৰক্ষীয়ে অধিক তদন্ত কৰিব বিচাৰিছে।
