Accident:✒️যমুনা এক্সপ্ৰেছৱেত মৰ্মান্তিক দুৰ্ঘটনা। ইকো ভ্যান স’তে ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ছজন লোকৰ মৃত্যু। গুৰুতৰভাৱে আহত দুজন। উত্তৰ প্ৰদেশৰ যমুনা এক্সপ্ৰেছৱেত শনিবাৰে পুৱা প্ৰায় তিনিবজাত সংঘটিত হয় এই দুৰ্ঘটনা।
ইতিমধ্যেই মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।আৰক্ষীৰ সূত্ৰ ইকো ভ্যানখন অনুসৰি নয়ডাৰ পৰা আগ্ৰা অভিমুখে গৈ আছিল ।
তেতিয়াই হঠাৎ এখন মাল ট্ৰাকে ভ্যানখনত খুন্দা মাৰে। থিতাতে ছজন লোকৰ মৃত্যু হয়। মথুৰাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্লোক কুমাৰে জানিবলৈ দিয়া মতে ,ট্ৰাক চালকজন টোপনি যোৱাৰ বাবেই সম্ভৱতঃ এই দুৰ্ঘটনা সংঘটিত হৈছে।
মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মৃতকৰ পৰিয়ালক অৱগত কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।






























