শ্বুটিঙৰ মাজতে গুৰুতৰভাৱে আহত বলিউডৰ ‘কিং’ শ্বাহৰুখ 

srk khan

shahrukh khan:✒️গুৰুতৰভাৱে আহত শ্বাহৰুখ খান। কন্যা চুহানা খানৰ স’তে তেওঁৰ আগন্তুক ছবি ‘কিং’ৰ শ্বুটিঙত ব্যস্ত আছিল বলীউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খান। বিগত কিছু মাহৰ পৰা লণ্ডনত তেওঁলোকৰ শ্বুটিঙ চলি আছে।

ইয়াৰ মাজতে অভিনেতাগৰাকীৰ পেশীত আঘাত পোৱাৰ খবৰ আহি পৰিছে। পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে মাজভাগতে শ্বুটিঙ বন্ধ কৰিব লগা হয়।

ততাতৈয়াকৈ শ্বাহৰুখক চিকিৎসাৰ বাবে আমেৰিকালৈ লৈ যোৱা হৈছে।সূত্ৰই জনোৱা মতে, অভিনেতাগৰাকীয়ে মুম্বাইৰ গোল্ডেন টবেকো ষ্টুডিঅ’ত একচন ছিকুৱেন্সৰ শ্বুটিং কৰি থকা অৱস্থাত তাত ষ্টাণ্ট প্ৰদৰ্শন কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত হয়।

কিন্তু শৰীৰৰ ক’ত আৰু কিমান আঘাত পাইছে সেইয়া এতিয়াও স্পষ্ট হোৱা নাই। এই সন্দৰ্ভত এতিয়াও শ্বাহৰুখৰ দলটোৱে কোনো বক্তব্য প্ৰকাশ কৰা নাই।

Exit mobile version