✒️বৰ্তমানৰ ৰাজ্য চৰকাৰৰ শাসন কালত চৰকাৰী নিযুক্তিপ্রাপ্তৰ সংখ্যা কালি ১,২১,১৮২ গৰাকীলৈ বৃদ্ধি পালে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি এই তথ্য সদৰী কৰে। আজি মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ অধীনত কাৰিকৰী শিক্ষা শাখাত ৩৪২ গৰাকী প্রার্থীক নিযুক্তি পত্র প্রদান কৰে।
ইয়াৰে ২৩৬ গৰাকী প্রবক্তা। তেওঁলোকে পলিটেকনিক আৰু অভিযান্ত্রিক মহাবিদ্যালয়ত প্রবক্তাৰূপে নিযুক্তি লাভ কৰিছে। তদুপৰি নিযুক্তিপ্রাপ্তসকলৰ ভিতৰত আছে ৮৫ গৰাকী জ্যেষ্ঠ প্রশিক্ষক আৰু ২১ গৰাকী গ্রন্থাগাৰিক।
এইসকলেও বিভিন্ন পলিটেকনিক আৰু অভিযান্ত্রিক মহাবিদ্যালয়ত নিযুক্তি লাভ কৰিছে। মুখ্যমন্ত্রীয়ে আজি ঘোষণা কৰে যে অহা অক্টোবৰত পুনৰ ৪০-৫০ হেজাৰ নিযুক্তি প্ৰদান কৰা হ’ব।
ইপিনে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত অনুষ্ঠিত আজিৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে ২৬ খন চৰকাৰী পলিটেকনিক আৰু সাতখন অভিযান্ত্রিক মহাবিদ্যালয়ত খালী হৈ থকা অধ্যাপক-অধ্যাপিকাৰ পদসমূহ প্রায় সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে।
অহা ডিচেম্বৰত এই প্রক্রিয়া সম্পূর্ণ হ’ব বুলি মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রীয়ে লগতে কয় যে অহা পাঁচ-ছবছৰত অসমত এক নির্মাণ খণ্ড গঢ় লৈ উঠিব। ইয়াৰ লগে লগে সংস্থাপনৰ সুবিধাও বৃদ্ধি পাব।
ৰাজ্যত আঠখন নতুন অভিযান্ত্রিক মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম বিভিন্ন পর্যায়ত আছে বুলিও ভাষণত মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। আজিৰ অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ আদিও উপস্থিত থাকে।






























